Rupaliparda.com
"কভিড১৯" ৰ মাজতেই নীল আকাশৰ "আকাশ"- 1

“কভিড১৯” ৰ মাজতেই নীল আকাশৰ “আকাশ”-

“ক’ৰ’ণা ভাইৰাছ” তথা “ক’ভিড১৯” নামে এই মহামাৰী বিধৰ ভয়াৱহতাৰ মাজতেই কন্ঠশিল্পী নীল আকাশৰ দৰ্শকক উদ্দেশ্যি অকণমান আমোদ দিয়াৰ প্ৰচেষ্টা। তেওঁৰ প্ৰথমটো এলবামৰ গীত “আকাশ” ৰ ভিডিঅ’ ইতিমধ্যে মুক্তি কৰি দিছে কন্ঠশিল্পী গৰাকীয়ে। গধুৰ আৰু চিন্তাৰে আৱৰি থকা জনসাধাৰণৰ মনবোৰক অকণমান শান্তি দিয়াৰ চেষ্টাৰেই কন্ঠশিল্পী গৰাকীয়ে মুকলি কৰি দিছে তেওঁৰ অন্যতম গীত “আকাশ”। আছলতে, কোৱা হয় নহয় সংগীতে সকলো সময়তে মানুহৰ মন পাতলাব পাৰে; আৰু এই কথা প্ৰমাণ হ’ল নীল আকাশৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত উক্ত গীতটিত দেখিবলৈ পোৱা ভিউৱাৰচৰ অংকৰে। অৰুণাচলৰ বিভিন্ন ঠাইত কৰা দৃশ্যগ্ৰহণেৰে গীতটিক দৰ্শকৰ বাবে সুন্দৰ ৰূপত উপভোগ্য কৰি তুলিছে ভিডিঅ’ পৰিচালক তিৰাপ সীমান্ত মেধিয়ে। “আকাশ” ৰ মুক্তিক লৈ কন্ঠশিল্পী গৰাকীয়ে নিজেই লাইভ আহি দৰ্শকৰ আগত ব্যক্ত কৰে গীতটিৰ কথা।


ফেচবুকত লাইভ হোৱা সময়ছোৱাত নীল আকাশে সমূহ দৰ্শকক ঘৰতে থকাৰ আহ্বান জনোৱাৰ লগতে পৰিৱেশ-পৰিচ্চন্নতাৰ প্ৰতিও নজৰ দিবলৈ কয়। ইয়াৰ উপৰিও কন্ঠশিল্পী গৰাকীয়ে প্ৰশাসন ব্যৱস্থা, চিকিৎসক-নাৰ্চ আদিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সময়ছোৱাৰ বলিষ্ঠ অনুদানক ধন্যবাদ জনায়। কন্ঠশিল্পী গৰাকীয়ে কয় যে বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাক জনসাধাৰণে সমালোচনা কৰিলেও আজি তেওঁ যিখিনি কাম কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। উল্লেখ্য যে, “আকাশ” গীতটিত কথা মৃন্ময় মৃত্তিক লগতে ইয়াত সুৰ দিছে নীল আকাশ আৰু উজ্জ্বল আৰঙে। গীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ইবচন লাল বৰুৱাই। উজ্জ্বল আৰঙৰ সংগীত পৰিচালনাৰে নিৰ্মিত “আকাশ” গীতটিক বাণীবদ্ধ কৰা হৈছিল মৰাণৰ ফিউজন ষ্টুডিঅ’ত।

"কভিড১৯" ৰ মাজতেই নীল আকাশৰ "আকাশ"- 2


আপোনালোকক জনাই থওঁ যে; ১৯৮৯ চনত জন্মগ্ৰহণ কৰা নীল আকাশে প্ৰায়ে “হুচৰি বিহু” ত নাচিছিল আৰু পিছলৈ তেওঁ কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি বিভিন্ন পৰিচালক ও কম্পোজাৰৰ সমাদৰ লাভ কৰিছিল। বহু সংগ্ৰামৰ অন্তত নীল আকাশে ২০১৬ চনত মুক্তি দিলে তেওঁৰ প্ৰথমখন একক এলবাম “বিহুৱান”; যিয়ে ইউটিউবত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল; লগতে সেই একেটা বৰ্ষতে তেওঁ আনখন এলবাম “এনাজৰী” মুকলি কৰে। দুয়োখন এলবামৰে দ্বিতীয় সংস্কৰণো নীল আকাশে মুকলি কৰে; কোৱা বাহুল্য যে, নীল আকাশৰ গীত “অ’ শকুন্তলা” ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ গীতটিয়ে ইউটিবত ক্ষন্তেকতে লাভ কৰে ১০ লাখতকৈও অধিক ভিউৱাৰচ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform