“Quarantine” ৰ সময়ছোৱাত অভিনেত্ৰী বৰষা ৰাণীয়ে মনত পেলালে নিজ বন্ধু ও কৰিঅ’গ্ৰাফাৰ তথা অভিনেতা উদয় শংকৰক। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ উক্ত দুয়োটা নামেই পূৰণা যদিও বৰ্তমানেও জনপ্ৰিয়। বৰষা ৰাণী বিষয়াই নৃত্য কৰা প্ৰায় কেইবাটাও গীতৰ কৰিঅ’গ্ৰাফাৰ হৈছে উদয় শংকৰ; গতিকে এওঁলোকৰ মাজত গভীৰ বন্ধুত্ব থকাটো একেবাৰেই নিশ্চিত। এই “বন্ধুত্ব” ক উদ্দেশ্যি বৰষা ৰাণীয়ে নিজ ইনষ্টাগ্ৰামত কেইখন মান ফটো আপলোড কৰিছিল; য’ত বৰষা-উদয়ে আলিংগন কৰি ইজনে আনজনক সুখময় বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু উক্ত ফটোৰ কমেন্টত বৰষা ৰাণীয়ে একাংশ ইউজাৰৰ পৰা লাভ কৰিলে ক’ৰ’ণা জ্ঞান। সামাজিক দূৰত্ব বজাই ইজনে আনজনৰ পৰা আঁতৰি থকা সময়ছোৱাত বৰষা ৰাণীক বহুতে ক’লে- “এক মিটাৰ দূৰত্ব ৰাখক” ।


“মাঘত মামণিৰ বিয়া” ছবিখনত পোনপ্ৰথমবাৰৰ বাবে উদয় শংকৰে কৰিঅ’গ্ৰাফী কৰিছিলে; য’ত মূখ্য অভিনেত্ৰী ৰূপে আছিল অভিনেত্ৰী বৰষা ৰাণী বিষয়া। গতিকে এওঁলোকৰ বন্ধুত্ব কিমান পূৰণা আপোনালোকে নিশ্চয় কল্পনা কৰিব পাৰিছে। উল্লেখ্য যে, যৌৱনে আমনি কৰে ছবিখনৰ পৰা আৰম্ভ কৰি বিগত বছৰত মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ” লৈ বৰষা ৰাণীৰ অভিনয় যাত্ৰা অব্যাহত থকাৰ উপৰিও প্ৰত্যেকদিনে তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে। “কাঞ্চন” ধাৰাবাহিকখনৰ বহুল সফলতাৰ পিছত তেওঁক কেইবাটাও ভিডিঅ’ গীতত দেখিবলৈ পাইছে দৰ্শকে।

আনহাতে, আগন্তুক পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জানমণি ২০২০” দেখিবলৈ পোৱা যাব উদয় শংকৰক। চলিত মাহৰ ১০ তাৰিখে “এন কে বিগষ্টাৰ” নামে এটা এপৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰা হ’ব ছবিখন।
Add comment