Rupaliparda.com
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতেই ভাইৰেল "দীয়া জলাৱো" মিমঃ 1

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতেই ভাইৰেল “দীয়া জলাৱো” মিমঃ

ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোক মহামাৰী “ক’ৰ’ণা” ক লৈ আতংকিত হৈ আছে। বৰ্তমানে চলি থকা ২১ দিনীয়া “লক-ডাউন” ৰ ফলত সকলো গৃহবন্দী হৈ পৰিছে। এনেতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কালি দেশৰ জনসাধাৰণক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰে; য’ত তেওঁ সকলো জনসাধাৰণ পৰা ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিট সময় বিচাৰে আৰু সকলোকে উক্ত সময়খিনিৰ বাবে ঘৰৰ প্ৰত্যেকটো লাইট অফ কৰি বাহিৰত ওলাই চাকি,মম, ধূপ অথবা ফ্লেচ লাইট জ্বলাবলৈ আহ্বান জনায়।

https://youtu.be/-sWo9fkWdRY


তেওঁৰ এই বাৰ্তাৰ পিছতেই চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হৈ পৰে বিভিন্ন মিম আৰু ইয়াৰ ভিতৰত আটাইতকৈ ভাইৰেল হোৱা মিম হৈছে বলীউডৰ এখন পূৰণা ছবিৰ “দীয়া জলাৱো” শীৰ্ষক এটি গীত। ১৯৪৩ চনত মুক্তিপ্ৰাপ্ত “তানসেন” ছবিখনত অন্তৰ্ভূক্ত কৰা হৈছিল এই গীতটিক। জয়ন্ত দেসাইৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ মুঠ ১৩ টা গানে হিট হোৱাৰ উপৰিও এই আছিল দ্বিতীয়খন ছবি যিয়ে বস্ক অফিচত ভাল টকা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উক্ত গীতটিত কন্ঠদান কৰিছিল কুন্দন লাল শেহগেলে।


উল্লেখ্য যে, ভাৰতবৰ্ষত বৃদ্ধি হোৱা “কভিড ১৯” পজিটিভ ৰোগীৰ সংখ্যাৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.