Rupaliparda.com
দীক্ষু শৰ্মাৰ লগতে পত্নী বিজিয়েতাৰ কোৱাৰেন্টাইন যুগলবন্দীঃ 1

দীক্ষু শৰ্মাৰ লগতে পত্নী বিজিয়েতাৰ কোৱাৰেন্টাইন যুগলবন্দীঃ

“লক-ডাউন” ৰ দিনকেইটাত পত্নীৰ সৈতে সময় কটাইছে কন্ঠশিল্পী দীক্ষু শৰ্মাই। প্ৰত্যেকদিনাই বিভিন্ন কমেডী ভিডিঅ’ পত্নীৰ সৈতে বনাই তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰি আহিছে। মুঠতে, কোৱাৰেন্টাইনত সুন্দৰ সময় অতিবাহিত কৰিছে দীক্ষু লগতে তেওঁৰ পত্নী বিজিয়েতা পাটগিৰীয়ে। দীক্ষুৰ সংগীতৰ লগতে তেওঁৰ ভিন্ন পোছাক ডিজাইনৰ ক্ষেত্ৰতো অংশীদাৰ হোৱা দেখিবলৈ পোৱা যায় তেওঁৰ পত্নীক। দীক্ষুৰ কেইবাটাও জনপ্ৰিয় গীতত কথাও দিছে তেওঁৰ পত্নী বিজিয়েতা পাটগিৰীয়ে। এইবাৰ তেওঁলোক দুয়োগৰাকীৰ প্ৰতিভাৰে সৈতে মুকলি পাবলৈ সাজু হৈছে এটি কবিতা। “লক-ডাউন” ৰ ফলত কোনো ক’তো যাব নোৱাৰা এনে পৰিস্থিতিত বৰ্তমান বন্ধ কৰি ৰখা হৈছে সকলো শ্বুটিং ও ৰেকৰ্ডিং। ফলত, একোটা কবিতাৰ দ্বাৰাই শ্ৰোতাক মনোৰঞ্জন কৰোৱাৰ চেষ্টা কৰিছে শিল্পী সকলে।

View this post on Instagram

#21days #21dayschallenge #tiktok #comedy #fun #

A post shared by Dikshu Sarma (@dikshu_sarma) on

View this post on Instagram

Coming Soon…

A post shared by Dikshu Sarma (@dikshu_sarma) on


“একান্ত ব্যক্তিগত” শীৰ্ষক এটি কবিতা যোগেৰে দৰ্শকৰ কাষলৈ আহি আছে দুয়ো স্বামী-স্ত্ৰী। য’ত সুৰ দিছে দীক্ষুয়ে নিজেই। কিছুদিন পূৰ্বে কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰকো এটি কবিতা আবৃত্তি কৰা দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, দীক্ষু শৰ্মাই ইতিমধ্যে চৰকাৰক সহায়ৰ বাবে আগবঢ়াইছে অনুদান। “অসম আৰোগ্য নিধি” লৈ কন্ঠশিল্পী গৰাকীয়ে আগবঢ়ায় মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীত জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

দীক্ষু শৰ্মাৰ লগতে পত্নী বিজিয়েতাৰ কোৱাৰেন্টাইন যুগলবন্দীঃ 2


জনতাক ঘৰতে থাকিবলৈ আহ্বান জনোৱা দীক্ষুৱে কেৱল কথাৰেই নহয় আৰ্থিকভাৱে সহায় আগবঢ়াইও অসমবাসীক এই বিপদৰ সৈতে যুঁজিবলৈ সাহস প্ৰদান কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform