“কভিড১৯” ৰ এনে বিপৰ্যয়ৰ সময়ছোৱাত বহু জনসাধাৰণে দৈনিক মজুৰি কৰি খোৱা অথবা অসহায় লোকৰ কাষ চাপিছিল। চচিয়েল মিডিয়াত এনেদৰে দেখিবলৈ পোৱা কিছুমান দৃশ্যই আছলতে সকলোৰে মনত এক প্ৰশান্তিৰ সৃষ্টি কৰিছে। অসমীয়া একাংশ শিল্পী ও কলা-কুশলীয়ে নিজৰ ক্ষমতানুযায়ী চৰকাৰ তথা অসহায় জনক কৰা সহায় আমি নিতৌ দেখি আহিছো। কিন্তু ইয়াৰ পিছতো কিছু লোক এনে সহায় সাঁৰথিৰ পৰা বাছি যায়; এইটো সময়ত খাদ্যৰ সমান্তৰালকৈ প্ৰয়োজনীয় কেইবিধমান আন বস্তু হৈছে এটা হেণ্ড ছেনিটাইজাৰ, এখন মাস্ক আদি। গতিকে এই আটাইবোৰ বস্তুৰ সৈতে সহায় আগবঢ়ালে কন্ঠশিল্পী ভৃগু কাশ্যপে।
Mother Old Age Home (মাতৃ বৃদ্ধাৱাস) ত উপস্থিত হৈ এই আটাইবোৰ বস্তুৰ যোগান ধৰিলে কন্ঠশিল্পী গৰাকীয়ে। এক কথাত ক’বলৈ গ’লে, অসমীয়া এই শিল্পী সমূহে প্ৰত্যেকটো দিশত কৰা সহায়-সহযোগিতা তথা মহানুভৱতা আৰু অনুদানে ইতিমধ্যে প্ৰত্যেক অসমীয়াক গৌৰমান্বিত কৰি তুলিছে। Mother Old Age Home (মাতৃ বৃদ্ধাৱাস) ত উক্ত সামগ্ৰী সমূহৰ যোগান ধৰাৰ উপৰিও ভৃগু কাশ্যপে এই সামগ্ৰী সমূহ লৈ উপস্থিত হ’ব “কষ্টুৰী চিলড্ৰেন কেয়াৰ” তো। ভৃগু কাশ্যপৰ সৈতে এই কাৰ্যসূচীত লগ দিয়ে তেওঁৰ জীৱন সংগী প্ৰিয়ম পল্লৱীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ভৃগু কাশ্যপে নিজ “এংগগেজমেন্ট” সম্পন্ন কৰিছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে। বৰ্তমান প্ৰায় গীতৰ ভিডিঅ’ত দুয়োকে একেলগে দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্তঘ ভৃগুৰ “সুন্দৰী পমিলা” ই অতি কম সময়ৰ ভিতৰতে লাভ কৰিছিল ১ মিলিয়নৰো অধিক ভিউৱাৰচ; বৰ্তমানেও এই গীতটিৰ জনপ্ৰিয়তা অব্যাহত।
Add comment