Rupaliparda.com
"লক ডাউন" ৰ সময়ছোৱাত ঘৰতেই থাকি কংগনা ৰাণাওঁটে কমালে ৫ কেজি ওজনঃ 1

“লক ডাউন” ৰ সময়ছোৱাত ঘৰতেই থাকি কংগনা ৰাণাওঁটে কমালে ৫ কেজি ওজনঃ

“লক-ডাউন” ৰ সময়ছোৱাত বলীউডৰ চিলেব্ৰেটীৰ বাবে ডাঙৰ প্ৰত্যাহ্বানটো হৈছে “জিম ব্যৱহাৰৰ পৰা আঁতৰি থকা”। কিন্তু এনেক্ষেত্ৰত বিভিন্ন চিলেব্ৰেটীয়ে ঘৰতেই বহি নিজক সুস্থ-সচেতন কৰি ৰখাৰ চেষ্টা কৰিছে। অমিতাভ, দীপিকা, কেটৰিণা আদি বহু তাৰকাই নিজৰ ফিটনেছ ভিডিঅ’ আপলোড কৰাও দেখিছে দৰ্শকে। কিন্তু এই সকলোবোৰৰ উৰ্দ্ধত নিজ বাজী মাৰিলে অভিনেত্ৰী কংকনা ৰাণাওঁটে। “লক-ডাউন” সময়ৰ পৰা বৰ্তমানলৈ তেওঁ ঘৰতেই নিজ ৫ কেজি ওজন কমাই তুলিলে।

https://www.instagram.com/p/B-wvGjClR9v/?utm_source=ig_web_copy_link


উল্লেখ্য যে, কংগনা ৰাণাওঁটক আগন্তুক ছবি “থলাইবী” ত দেখিবলৈ পোৱা যাব; য’ত তেওঁ ৰূপায়ন কৰিছে তামিলনাডুৰ পূৰ্ব মূখ্যমন্ত্ৰী জয়ললিতাৰ চৰিত্ৰ। ইতিমধ্যে মুক্তিপ্ৰাপ্ত ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে দৰ্শকক আকৰ্ষণ কৰিবলৈও সক্ষম হৈ পৰিছে। উক্ত চৰিত্ৰটোৰ বাবে যথেষ্ট কষ্ট কৰাও দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী কংগনাক। ইয়াৰ বাবে তেওঁ হৰমন টেবলেট গ্ৰহণ কৰি নিজৰ ওজনো বৃদ্ধি কৰি লৈছিল। কিন্তু, এইবাৰ কংগনাই নিজৰ ওজনৰ বৃদ্ধিৰ পৰা কমাবলগীয়াত পৰিছে। কিয়নো অভিনেত্ৰী গৰাকীয়ে আন এখন ছবি “ধাকড়” ত বিভিন্ন ষ্টন্ট কৰিব লাগিব। সেইবাবে “থলাইবী” ত ৭০ কিলোতকৈ অধিক নিজ ওজন বৃদ্ধি কৰা কংগনাই “ধাকড়” ৰ বাবে আকৌ কমাব লাগিব নিজ ২০ কেজি ওজন। এই ওজন কমাবলৈ অভিনেত্ৰী গৰাকীৰ হাতত সময় আছে মাত্ৰ ২ মাহৰ।

"লক ডাউন" ৰ সময়ছোৱাত ঘৰতেই থাকি কংগনা ৰাণাওঁটে কমালে ৫ কেজি ওজনঃ 2


উক্ত কাৰণবশতঃ অভিনেত্ৰী কংকনাই ওজন কমাবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। “ধাকড়” ৰ বাবে কংগনাক হংগকংগ আৰু থাইলেণ্ডত একচনৰ পৰিচালনা কৰা হ’ব। ৰজনীশ ঘাইৰ দ্বাৰা পৰিচালিত “ধাকড়” ছবিখন চলিত বৰ্ষৰ দিপাৱলীৰ সময়ছোৱাত মুক্তি পাব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.