Rupaliparda.com
১২ ঘণ্টীয়া ব্ৰতেৰে শ্ৰমিকক সমবেদনা অভিনেতা ইৰফান খানৰঃ 1

১২ ঘণ্টীয়া ব্ৰতেৰে শ্ৰমিকক সমবেদনা অভিনেতা ইৰফান খানৰঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত দেখিবলৈ পোৱা সংকট সমূহৰ ভিতৰত মূল হৈছে আৰ্থিক সংকট। মজদুৰি কৰি খোৱা সকলে সাংঘাতিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। যিসকল দৈনিক মজুৰি কৰি খোৱা শ্ৰমিক এঠাইৰ পৰা আনঠাইলৈ কাম কৰিবলৈ গৈছিল তেওঁলোকে “লক-ডাউন” ৰ বাবে খোজ কাঢ়িয়ে ইঠাইৰ পৰা সিঠাইলৈ গৈছিল। পিছলৈ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে চৰকাৰৰ লগতে কেইবাটাও সংগঠন। এই শ্ৰমিক সকলক বিভিন্ন বলীউড চিলেব্ৰেটীয়ে খাদ্য পাচলি যোগান ধৰিছে যদিও এইবাৰ ব্যতিক্ৰমী মাধ্যমেৰে এওঁলোকক সমবেদনা যাঁচিবলৈ ওলাই আহিছে অভিনেতা ইৰফান খান। তেওঁ ১০ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতেই ব্ৰত ৰাখি মজুদৰি কৰি খোৱা শ্ৰমিকক নিজাববীয়াকৈ সমবেদনা যাঁচিছে।

১২ ঘণ্টীয়া ব্ৰতেৰে শ্ৰমিকক সমবেদনা অভিনেতা ইৰফান খানৰঃ 2


ৰাতিপুৱা ৬ টাৰ পৰা সন্ধিয়া ৬ টালৈ ইৰফান খানে মুঠ ১২ ঘণ্টাৰ ব্ৰত ৰখাৰ পৰিকল্পনা কৰে। চচিয়েল মিডিয়াত এক পোষ্ট যোগে অভিনেতা গৰাকীয়ে এই কথা ব্যক্ত কৰাৰ উপৰিও তেওঁ পোষ্ট কৰা ফটোৰ জৰিয়তে জানিব পৰা যায় যে ইৰফান খানৰ সৈতে এই ব্ৰতত অংশীদাৰ হৈছে অইন ব্যক্তিয়ো উল্লেখ্য যে,ইৰফান খানক শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল “অংগ্ৰেজী মিডিয়াম” ছবিখনত। কিন্তু “কভিড ১৯” ৰ ফলত চিনেমা হ’ল সমূহ বন্ধ হোৱা বাবদ উক্ত ছবিখনৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পৰে। পৰিস্থিতি ভাললৈ আহিলে ছবিখন আকৌ এবাৰ মুক্তি দিয়া কথা ভবা হৈছে যদিও ইতিমধ্যে ছবিখন “হটষ্টাৰ” ত মুকলি কৰি দিয়া হয়।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.