Rupaliparda.com
অসমীয়া শিল্পীৰ "সজাগতা" গীতঃ 1

অসমীয়া শিল্পীৰ “সজাগতা” গীতঃ

এগৰাকী শিল্পীয়ে ষ্টুডিঅ’ লৈ গৈ বিভিন্ন বাদ্য-যন্ত্ৰৰ সৈতে আখৰা কৰা বা গীত পৰিৱেশন কৰা দৃশ্য আমি সকলোৱে দেখিছো। কিন্তু বৰ্তমান একোজন শিল্পীয়ে নিজৰ ফোনটো ব্যৱহাৰ কৰি নিজেই কেমেৰা কৰি ঘৰতেই গীত পৰিবেশন তথা ডাবিং কৰি জনসাধাৰণক দিবলৈ এটি গীত প্ৰস্তুত কৰি উলিয়াইছে। বলীউডৰ তাৰকা সমূহৰ “মুস্কাৰেইগা ইণ্ডিয়া” শীৰ্ষক গীতটিতো নিশ্চয় আপোনালোক সকলোৱে শুনিছে অথবা দেখিছে। সমান্তৰালকৈ, অসমীয়া শিল্পী সকলেও জনসাধাৰণক দিবলৈ এটি গীত প্ৰস্তুত কৰি উলিয়াইছে। জনপ্ৰিয় শিল্পী দিগন্ত ভাৰতীৰ কথাৰে নিৰ্মিত এই গীতটোৰ নাম হৈছে “সজাগতা।” কেইবাগৰাকীও শিল্পীয়ে কন্ঠদান কৰা এই গীতটি মুক্তি লাভ কৰে যোৱাকালি অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে।

অসমীয়া শিল্পীৰ "সজাগতা" গীতঃ 2


জনসাধাৰণক এটি গীতৰ জৰিয়তে প্ৰদান কৰিব পৰা সজাগ আৰু সচেতনতা; এই সমষ্টখিনি উপস্থাপন কৰা হৈছে উক্ত “সজাগতা” গীতটিত। এই গীতটিত কন্ঠদান কৰিছে দীক্ষু শৰ্মা, দিম্পী সোণোৱাল, প্ৰাঞ্জল পৰশ, সুৰেশা ছেত্ৰী, বিদ্যুৎ বিকাশ, বাবন বৰ্ণিল, চন্দন দাস, দীপলিনা ডেকা, বৰ্ষা বৰা, ইবচন লাল বৰুৱা, দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী, সুদীপ ৰঞ্জন, ৰাজশ্ৰী শইকীয়া, কুমাৰ ধীৰাজ, ডেনিশ চহৰীয়া, বিকি কলিতা, ৰাজীৱ নাথ, দেৱঞ্জনা বৈশ্য, মুন তালুকদাৰ আৰু মিৰদ্বীপ। গীতটিত সংগীত দিছে চন্দন দাসে লগতে গীতটি কম্পোজ কৰিছে কুমাৰ ধীৰাজ, বিদ্যুৎ বিকাশ, চন্দন দাসে। “সজাগতা” ৰ কনচেপ্ট আৰু শব্দ সংমিশ্ৰণ হৈছে পিকু দাসৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform