Rupaliparda.com
নীলোৎপল বৰাৰ গীতত প্ৰাণ ঢালিছে তনভীৰ নৃত্যইঃ 1

নীলোৎপল বৰাৰ গীতত প্ৰাণ ঢালিছে তনভীৰ নৃত্যইঃ

নীলোৎপল বৰাৰ সংগীতত তনভী শৰ্মাৰ নৃত্যই এতিয়া দৰ্শকক বহুল অংকত আকৰ্ষিত কৰি তুলিছে। “কভিড ১৯” ৰ ফলত কিছুদিন পূৰ্বে অসমত জাতিভেদক কেন্দ্ৰ কৰি চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট আপলোড হোৱা দেখিবলৈ পোৱা গৈছিল। চচিয়েল মিডিয়াত এনে জাতি ভেদ কৰি পোষ্ট কৰা একাংশক জনসাধাৰণে ককৰ্থনা কৰাৰ উপৰিও এয়া যে জাতি, ধৰ্ম তথা ভাষাক লৈ কাজিয়া কৰা সময় নহয় সেয়াও বুজাই দিয়াৰ চেষ্টা কৰে। কিছু জনসাধাৰণক কোনো কথা শিকোৱাৰ ক্ষেত্ৰত মূল উপায়টোৱে হৈছে মনোৰঞ্জন। মনোৰঞ্জনৰ জৰিয়তে কোনো এটা বস্তু শিকাবলৈ চেষ্টা কৰিলে সি সোনকালে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এনেক্ষেত্ৰত “সংগীত” তকৈ ভাল সঁজুলি কি হ’ব পাৰে!! কন্ঠশিল্পী নীলোৎপল বৰাই এনে প্ৰচেষ্টাৰে সৈতে ইউটিউবত মুকলি কৰি দিছিল “ক’ৰ’ণা ভাইৰাছ” ক উদ্দেশ্যি এটি গীত; “ভাইৰাছৰ শিকলি”। গীতটিত নীলোৎপলে বেমাৰবিধৰ যে কোনো জাতি, ধৰ্ম, ভাষাৰ বিভিন্নতা নাই তাক বুজাই দিয়াৰ উপৰিও গীতটিৰ জৰিয়তে তেওঁ জনসাধাৰণক সুন্দৰকৈ ঘৰত থকা আহ্বান জনায়।


গীতটিক সাধাৰণ জনে আকোঁৱালি লোৱাৰ লগতে ইয়াক অসমীয়া বিভিন্ন শিল্পীয়েও যে সঁহাৰি জনাইছে তাৰ উদাহৰণ অভিনেত্ৰী তনভী শৰ্মাৰ নৃত্যৰ জৰিয়তেই পাব পৰা যায়। বলীউডত ইজনে আনজনক কৰা প্ৰশংসা ও ঠাট্টা-মস্কৰাই বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়; কিন্তু এইবাৰ কন্ঠশিল্পী নীলোৎপলৰ উক্ত গীতটিত তনভীৰ নৃত্যটিয়েহে যেন অধিক প্ৰাণ ঢালিছে সেয়া অনুভৱ কৰিব পাৰি। মানস মহন্তৰ কথাৰে নিৰ্মিত উক্ত গীতটিত সংগীত নিলোৎপল বৰাৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে ডনী হাজৰিকাই। কোৱাৰেন্টাইনৰ এই সময়ছোৱাত নীলোৎপল বৰাই আন এক মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতাৰো আয়োজন কৰিছে। য’ত তেওঁৰ গীত সমূহক নিজ কন্ঠৰে গাই নাইবা নৃত্য কৰি তেওঁলৈ পঠিয়াব লাগিব। তেওঁ এই প্ৰতিযোগিতাখনৰ নাম দিয়ে “#Mysongyourway”।


আনহাতে, তনভী শৰ্মাই নিজ বাসগৃহতে থাকি বিভিন্ন সুস্বাদু ব্যঞ্জন বনোৱাৰ উপৰিও ট্ৰেণ্ডিং গীতত নৃত্য প্ৰদৰ্শন কৰি দৰ্শক ও অনুৰাগীক মনোৰঞ্জন কৰোৱাইছে। শিল্পী সমূহৰ এনেবোৰ পদক্ষেপে এতিয়া অসমীয়াক এই আমনিদায়ক সময়কণতো অকণমান প্ৰশান্তি লোৱাৰ অৱকাশ প্ৰদান কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform