Rupaliparda.com
চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ 1

চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ

অসমত হোৱা এনে বিপৰ্যয়ৰ সময়ত জনসাধাৰণৰ ওচৰলৈ বহু শিল্পীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। সংবাদ মাধ্যমত নিতৌ তেওঁলোকৰ বাতৰিও প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু এনেক্ষেত্ৰত, এই শিল্পী সমূহৰ সমান্তৰালকৈ আগবাঢ়ি আহিল ৰাজকুমাৰ ঠাকুৰীয়াও অৰ্থাৎ সকলোৰে পৰিচিত “ৰাকু দা”। এই ব্যক্তিগৰাকীৰ দ্বাৰা নিৰ্মিত গীত সমূহৰ বাবে তেওঁক বিভিন্ন সময়ত চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ লগতে তেওঁক বিভিন্ন টক-শ্ব’লৈ মতাই নি “মূৰৰ কামোৰণি” নাইবা নানানটা উপলুঙাসূচক মন্তব্যও কৰা দেখিবলৈ পোৱা গৈছিল। ৰাইজৰ পৰা পোৱা এনে ককৰ্থনাৰ পিছতো ৰাজকুমাৰ আগুৱাই আহিল জনসাধাৰণৰ মাজলৈ। জাতি, ধৰ্মৰ কোনো বাচ-বিচাৰ নকৰি মুঠ ৩০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে ৰাজকুমাৰে।

চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ 2


ৰাজকুমাৰ ঠাকুৰীয়াৰ এনে প্ৰচেষ্টাক লৈ বৰ্তমান তেওঁক প্ৰশংসা কৰিছে এতিয়া বিভিন্ন জন জনসাধাৰণৰ লগতে অসমীয়া শিল্পীয়েও। নীলোৎপল বৰাই তেওঁৰ ফেচবুক একাউন্টৰ দ্বাৰা ৰাজকুমাৰ ঠাকুৰীয়াক প্ৰশংসা কৰাৰ লগতে ৰাইজে তেওঁক কৰা উপলুঙাৰ বাবে নীলোৎপল বৰাই সকলোৰে ওপৰত ক্ষোভো প্ৰকাশ কৰে।

চাৰিওফালে ৰাজকুমাৰ ঠাকুৰীয়াৰ প্ৰশংসাঃ 3


এগৰাকী পেঞ্চনাৰ হোৱাৰ পিছতো ৰাজকুমাৰ ঠাকুৰীয়াৰ এনে মহানুভৱতা সঁচাকৈ প্ৰশংসাৰ যোগ্য। অসমীয়া-হিন্দী-ইংৰাজী ভাষাৰ সানমিহলিৰে নিৰ্মাণ কৰা গীতসমূহক লৈ তেওঁক প্ৰায়ে সকলোৱে জোকায়; তেওঁৰ নামটোও যদি কেতিয়াবা কোনোৱে লয় তাকো উপলুঙা কৰিবলৈহে। মিৰ্জাত জন্মগ্ৰহণ কৰা ৰাজকুমাৰে অসমীয়া সংস্কৃতিৰ প্ৰতি থকা ভালপোৱাৰ বাবে চাকৰিৰ পৰা অৱসৰ লৈ গীত-মাতত নিম্মজিত হৈ পৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.