অভিনেত্ৰী নীনা গুপ্তা পুনৰবাৰ অভিনয় জীৱনলৈ ঘূৰি অহা কথাটোৱে বিগত বহু দিনৰ পৰাই দৰ্শকৰ মনত চৰ্চিত হৈ পৰিছিল। যোৱা কেইবাখনো ছবিত কৰা নীনা গুপ্তাৰ অভিনয়ে দৰ্শকৰ বাৰুকৈয়ে সমাদৰ লাভ কৰিছে। “বধাই হো”, “পংগা”, “শুভ মংগল জ্যাদা সাৱধান” ইত্যাদি ছবিসমূহত কৰা অভিনয়ৰ লগতে অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত দিয়া বিভিন্ন “কুল” ফটোৰ আপলোডে দৰ্শকৰ বাৰুকৈয়ে সঁহাৰি লাভ কৰিছে। কিন্তু এইখিনিতে, নীনা গুপ্তাক আগন্তুক ছবি “সূৰ্য়ৱংশী” ৰ পৰা ওলাই দিয়া খবৰে এতিয়া খলকনি লগাইছে সংবাদ মহলত। অক্ষয় কুমাৰৰ আগন্তুক “সূৰ্য়বংশী” ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হ’ল যদিও ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যে আকৰ্ষণ কৰিছে দৰ্শকক।


কিন্তু ছবিখনত কৰা চাৰি দিনৰ শ্বুটিঙৰ পিছতেই নীনা গুপ্তাক ছবিখনৰ পৰা উলিয়াই দিয়া হয়। গতিকে, এইক্ষেত্ৰত এতিয়া মুখ খুলিছে অভিনেত্ৰী নীনাই। তেওঁৰ মতে অভিনেতা-অভিনেত্ৰীৰ লগত এনেবোৰ কথা হোৱাটো একেবাৰেই সাধাৰণ । লগতে তেওঁ কয় যে, ছবিখনৰ পৰা উলিয়াই দিয়া খবৰটো তেওঁক ৰোহিট ছেট্টীয়ে নহয়; প্ৰডাকচন হাউচৰ এগৰাকী কৰ্মকৰ্তাইহে দিয়ে। নীনাৰ বাবে ছবিখনৰ পৰা উলিয়াই দিয়াটো কোনো ডাঙৰ কথা নহয়;তেওঁ ভালহে পাইছে যে কম দিনতেই তেওঁক ইয়াৰ পৰা আঁতৰাই দিয়া হ’ল।
Add comment