Rupaliparda.com
বহাগ বিহুৰ মাজতেই কন্ঠশিল্পী সুবাসনা দত্তৰ ভিডিঅ' বাৰ্তাঃ 1

বহাগ বিহুৰ মাজতেই কন্ঠশিল্পী সুবাসনা দত্তৰ ভিডিঅ’ বাৰ্তাঃ

আজি গৰু বিহু। এই সময়ছোৱাত প্ৰত্যেকজন অসমীয়াৰ গা সাতখন-আঠখন হৈ থাকে। কেওঁদিশে অসমীয়া শিল্পী, কলা-কুশলীৰ আখৰা, কুলি-কেতেকীৰ বিনন্দীয়া মাতে এনে এক পৰিৱেশৰ সৃষ্টি কৰে যিয়ে প্ৰত্যেকগৰাকী অসমীয়াৰ মনত প্ৰশান্তি দিয়ে। কিন্তু সম্প্ৰতি এয়া কোনোপধ্যেই সম্ভৱ নহয়; চাৰিওফালে চলা মৃত্যুৰ কিৰিলীৰ মাজত উত্তৰ-পূৰ্বাঞ্চল অকণমান হাত সাৰিছে যদিও এতিয়াও জনসাধাৰণ আতংকিত হৈ আছে। বিহুৰ সময়ছোৱাত হোৱা ফাংছনসমূহৰ দ্বাৰা শিল্পীসকলে পোৱা লাভে তেওঁলোকক অকণমান সময়ৰ বাবে আৰ্থিকভাৱে সহায় কৰে । ফলত তেওঁলোকৰ বাবে ৰঙালী বিহুৰ মহত্ব সৰ্বাধিক। এইখিনিতে, ৰঙালী বিহুৰ শুভেচ্ছা জনাই সুবাসনা দত্তই দৰ্শকলৈ এক বাৰ্তা প্ৰেৰণ কৰিলে।

বহাগ বিহুৰ মাজতেই কন্ঠশিল্পী সুবাসনা দত্তৰ ভিডিঅ' বাৰ্তাঃ 2


কন্ঠশিল্পী গৰাকীয়ে দৰ্শকক ঘৰতে থকা আহ্বান জনোৱাৰ লগতে শিল্পী সকলে যে বহাগত হ’বলগীয়া ব্যস্ততাৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে সেই কথাও তেওঁ ব্যক্ত কৰে। ইয়াৰ উপৰিও, সুবাসনাই এই মহামাৰীৰ সময়ছোৱাত কৰ্মৰত হৈ থকা চিকিৎসক, প্ৰশাসন তথা সাংবাদিক সমূহক ধন্যবাদ জনোৱাৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা তেওঁৰ বলিষ্ঠ পদক্ষেপক লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে, সুবাসনাৰ জনপ্ৰিয় গীত মইনাকণ বাখৰে ইতিমধ্যে অতিক্ৰম কৰিলে ৫ মিলিয়নতকৈও অধিক ভিউৱাৰচ।


অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই প্ৰফেচনেলি গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform