Rupaliparda.com
ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ 1

ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ

বলীউডৰ প্ৰায় সমূহ তাৰকাৰ ব্যক্তিগত ইউটিউব চেনেল থকা আমি সকলোৱে দেখিছো। তেওঁলোকৰ এই চেনেল সমূহত বিভিন্ন কমেডী ভিডিঅ’ নাইবা দৰ্শকক ফিটনেছ টিপ কিছুমান দি ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায়। শিল্পা ছেট্টী, আলিয়া ভাট, বৰুণ ধৱন,দিশা পাটানীৰ সমান্তৰালকৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ মাজতো এনে এক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান ভিডিঅ’ বহুল দৰ্শকৰ মাজত শ্বেয়াৰ কৰিবলৈ এওঁলোকে ইউটিউবৰ সহায় লোৱা দেখা যায়; এনেক্ষেত্ৰত কিছুদিন পূৰ্বে ব্যক্তিগত ইউটিউব চেনেল খুলিছিল অভিনেত্ৰী কৰৱী শৰ্মাই। কোৱাৰেণ্টাইনৰ এই সময়ভাগত দৰ্শক ও নিজ অনুৰাগীক অকণমান মনোৰঞ্জন কৰোৱাৰ মানসেৰে কৰৱী শৰ্মাই তেওঁৰ বান্ধৱী সকলৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছে এটা নৃত্য।


বলীউডত জনপ্ৰিয় হৈ পৰা ৰিটৱিজৰ এটি গীত “লিগ্গি” ত নৃত্য কৰি কৰৱী শৰ্মাই ইউটিউবত আপলোড কৰিছে ভিডিঅ’। এগৰাকী সহজ-সৰল ভনীয়েকৰ পৰা পিছলৈ গৈ এজনী খঙাল ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা কৰৱীয়ে ৰিয়েল লাইফত খুবেই ধেমালি কৰে। “তোমাৰ মৰমে মোক” কৰা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গৰাকী অভিনেত্ৰী বৰ্তমান সময়ৰ পৰিচালকৰ বাবে প্ৰিয় নাম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ 2


অভিনয়ৰ কোনো ধৰণৰ শিক্ষা নাই লোৱা যদিও একাগ্ৰতাৰ দ্বাৰা আৰম্ভণি হোৱা কৰৱীৰ অভিনয় জীৱনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক সময়ত কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা যাব কৰৱী শৰ্মাক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform