অসমৰ সাংস্কৃতিক জগতখন পৃথিৱীৰ ভিতৰতেই চহকী। এই ক্ষেত্ৰখনৰ বিভিন্ন শিতানত অন্তৰ্ভূক্ত শিল্পী সমূহে তেওঁলোকৰ কলাটোক লৈ থকা শ্ৰদ্ধা তথা ভক্তিয়েই ইয়াক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সক্ষম হয়। শিল্পী সমূহে তেওঁলোকৰ কলাসমূহক উচ্চস্তৰলৈ নি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি সমগ্ৰ অসমক গৌৰমান্বিত কৰি তোলা উদাহৰণো আমাৰ ইয়াত আছে। বিজ্ঞানসন্মত এই পৃথিৱী খনত নিজ কলা, সাহিত্য, সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ থকা প্ৰেমে আমাৰ এই ক্ষেত্ৰখনক অধিক সফল কৰি তোলে। গীত, নৃত্য আদিৰ উপৰিও আজিৰ নৱপ্ৰজন্ম অসমীয়া বিভিন্ন বাদ্য-যন্ত্ৰ বজোৱাক লৈ আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। এনেক্ষেত্ৰত আমি এজন যুৱশিল্পীৰ নাম ল’বই লাগিব; বৰপেটাস্থিত এই শিল্পী গৰাকীয়ে বিগত বছৰত লাভ কৰিছিল সংগীত নাটক অকাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা। এওঁৰ নাম হৈছে মনোজ কুমাৰ দাস।
সত্ৰনগৰী বৰপেটা সত্ৰীয়া সংস্কৃতিৰ বাবেই জনপ্ৰিয়; তাৰেই ঘোঁৰমাৰাহাটীত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ দাসে খোলবাদ্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ তুলি নিছে। সৰুৰে পৰা কৃষ্টি-সংস্কৃতিৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা এই শিল্পী গৰাকীয়ে স্কুলীয়া জীৱনৰ পৰাই লাভ কৰিছিল সত্ৰীয়া সংস্কৃতিৰ ওপৰত বিদ্যা। গুৱাহাটীৰ পৰা খোলবাদনত “গুণীন” আৰু ভাটখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা তবলাত “নিপুণ” উপাধি লাভ কৰা মনোজ কুমাৰ দাস বৰ্তমান গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ ও শ্ৰী শ্ৰী মাধৱদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম খোলবাদ্য তথা লোকবাদ্য প্ৰদৰ্শনেৰে মনোজ কুমাৰে কেইবাটাও স্থানলৈ গৈ কৃতিত্ব অৰ্জন কৰা উপৰিও অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়, সংগীত নাটক অকাডেমী আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেওঁ প্ৰশিক্ষকৰূপে বিভিন্ন ছাত্ৰ-ছাত্ৰীক খোলবাদ্যত নিপুণ কৰি তুলিছে।
একাডেমী অৱ খোলবাদ্য আৰু শংকৰদেৱ কলাক্ষেত্ৰ, বৰপেটাৰ খোলবাদ্যৰ অধ্যাপক ৰূপে নিয়োজিত এই গৰাকী শিল্পীয়ে গৱেষণামূলক প্ৰকল্প ও গ্ৰন্থ প্ৰকাশৰ কাম কৰিছে। কোৱা বাহুল্য যে, মহাপুৰুষ দুজনাৰ অমূল্য অৱদান স্বৰূপ খোলবাদ্য বজোৱা আৰু ইয়াৰ পুংখানুপুংখ শিক্ষা গ্ৰহণ কৰি আনকো এই শিক্ষা প্ৰদান কৰাৰ পৰা এক কথা নিশ্চিত হৈ পৰে যে মহাপুৰুষ দুজনাৰ সৃষ্টি আগন্তুক কেইবাটাও প্ৰজন্মই চিনি পোৱাৰ উপৰিও ইয়াৰ প্ৰতি আকৰ্ষিতও হ’ব।
Add comment