Rupaliparda.com
ইপিনে অৰ্জুনৰ বিয়াত বহা মন; আনপিনে মোদীৰ "লক-ডাউন"- 1

ইপিনে অৰ্জুনৰ বিয়াত বহা মন; আনপিনে মোদীৰ “লক-ডাউন”-

সমান্তৰালকৈ ঘৰতেই আৱদ্ধ হৈ পৰিছে বলীউড চিলেব্ৰেটীও। এনে সময়ত ইজনে আনজনৰ পৰা দূৰত থাকিব নোৱাৰি কিছু চিলেব্ৰেটীক ওচৰ চপাও দেখিবলৈ পোৱা গৈছে। যেনে সুজেন খান তথা অভিনেতা ঋত্বিক ৰোশন আৰু মালাইকা আৰোৰা ও অৰ্জুন কাপুৰ। “লক-ডাউন” ৰ ফলত অৰ্জুন-মালাইকা বহু দিনৰ পৰা একেটা গৃহতে আছে। তেওঁলোকক বিগত সময়ত নিজৰ সম্বন্ধক লৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰাও দেখিবলৈ পোৱা গৈছিল। চচিয়েল মিডিয়াত দুয়ো তাৰকা প্ৰায় একটিভ হৈ থকা লগতে জনসাধাৰণক মনোৰঞ্জন কৰোৱাবলৈ বিভিন্ন পোষ্ট দিয়া দেখিবলৈ পোৱা যায়।

ইপিনে অৰ্জুনৰ বিয়াত বহা মন; আনপিনে মোদীৰ "লক-ডাউন"- 2


যুঁটিটোৰ সম্বন্ধ বাহিৰলৈ অহাৰ পিছতেই তেওঁলোকক প্ৰায়ে সাক্ষাৎকাৰ অথবা ফটো সমূহত এটাই প্ৰশ্ন কৰা হৈছিল যে তেওঁলোক কেতিয়ালৈ বিবাহপাশত আৱদ্ধ হ’ব? কিন্তু, প্ৰশ্নটোৰ উত্তৰত দুয়োগৰাকীয়ে কোনো মত ব্যক্ত নকৰি সদায় কৈ আহিছে যে এতিয়া তেওঁলোকৰ বিবাহৰ বাবে কোনো মন নাই। যেতিয়া হ’বলগীয়া থাকিব তেতিয়ালৈ হৈ যাব। কিন্তু এইবাৰ উক্ত প্ৰশ্নটোৰ উত্তৰত অৰ্জুন কাপুৰে প্ৰদান কৰিলে এক হাস্যৰসিক উত্তৰ। তেওঁ ক’লে, “এতিয়া যদি বিয়াও কৰাবলৈ বিচাৰো; কৰাম কেনেদৰে?”

ইপিনে অৰ্জুনৰ বিয়াত বহা মন; আনপিনে মোদীৰ "লক-ডাউন"- 3


আছলতে, অৰ্জুন কাপুৰ কালি অৰ্থাৎ ১৬ এপ্ৰিল তাৰিখে ইনষ্টাগ্ৰামত লাইভ হৈছিল আৰু তেনে সময়তে তেওঁৰ অনুৰাগী এগৰাকীয়ে বিবাহৰ বিষয়ে প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে কয় যে, “এতিয়া যদি আমি বিয়া হ’বলৈয়ো বিচাৰো; হ’মনো কেনেদৰে?? যেতিয়া হ’ব, আমি আপোনালোক সকলোকে জনাম।” উল্লেখ্য যে, ২০১৯ বৰ্ষত অৰ্জুন কাপুৰৰ জন্মদিনৰ দিনাই মালাইকা আৰোৰাই তেওঁলোকৰ সম্বন্ধৰ আনুষ্ঠানিক ঘোষণা কৰে। উক্ত বিষয়টোক লৈ বিভিন্ন জনে তেওঁলোকক ট্ৰলো কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.