Rupaliparda.com
কিশোৰ কুমাৰ আছিল "আনন্দ" ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক- 1

কিশোৰ কুমাৰ আছিল “আনন্দ” ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক-

হিন্দী ছবিসমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি আছিল “আনন্দ”। এই ছবিখনে সমূহ দৰ্শকৰ হৃদয়ত এক ঠাই গঢ়ি তুলিছিল। ছবিখনৰ অনস্ক্ৰীণ কাহিনী যিমান মজবুত আছিল তাৰ সমান্তৰালকৈ ছবিখনৰ অফস্ক্ৰীণ কাহিনীয়েও দৰ্শকক মনোৰঞ্জন কৰোৱাইছিল। “আনন্দ” ছবিখন ৰাজেশ খান্নাৰ অভিনয় জীৱনৰ এখন চুপাৰহিট ছবি আছিল; কিন্তু ছবিখনত থকা দ্বিতীয়টো মূখ্য চৰিত্ৰ অমিতাভ বচ্চনে ৰাজেশ খান্নাৰ পৰা তেওঁৰ “ষ্টাৰডাম” কাঢ়ি লোৱা বুলিও একাংশই মন্তব্য কৰে। আপোনালোকে জানেনে এই ছবিখনৰ পৰিচালকৰ বাবে ৰাজেশ খান্না নাছিল তেওঁলোকৰ প্ৰথমটো পচন্দ! অভিনেতা কিশোৰ কুমাৰৰ সলনিহে লোৱা হৈছিল ৰাজেশ খান্নাক।

কিশোৰ কুমাৰ আছিল "আনন্দ" ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক- 2


আছলতে, ৰাজেশ খান্নাই যেতিয়া ছবিখন গ্ৰহণ কৰিছিল সেইটো সময়তে কিশোৰ কুমাৰে এজন বাংলা প্ৰযোজকৰ সৈতে এটা শ্ব’ত ব্যস্ত হৈ আছিল। কিন্তু কোনো কাৰণবশতঃ প্ৰযোজক গৰাকীৰ সৈতে কিশোৰ কুমাৰৰ টকা-পইচাৰ বাবে কাজিয়াৰ সৃষ্টি হয়। অৱশেষত, কিশোৰ কুমাৰ কাজিয়া কৰি ঘৰলৈ উভতি আহে আৰু নিজ বাসগৃহৰ গেটমেনক আদেশ দিয়ে যে যদিহে কোনো বেংগলী প্ৰযোজকে কিশোৰ কুমাৰক লগ কৰিবলৈ আহে তেন্তে তেওঁক খেদি দিবলৈ। সেইটো সময়তে “আনন্দ” ছবিৰ পৰিচালক ঋষিকেশ মূখাৰ্জীয়ে কিশোৰ কুমাৰক লগ ধৰিবলৈ আহে যদিও অভিনেতা গৰাকীৰ গেটমেন জনে ঋষিকেশ মূখাৰ্জীকে সেই বেংগলী প্ৰযোজক গৰাকী বুলি ভাবি তেওঁক খেদি পঠিয়ায়।

কিশোৰ কুমাৰ আছিল "আনন্দ" ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক- 3


উক্ত কথাটোক লৈ পৰিচালক ঋষিকেশ মূখাৰ্জীৰ খং উঠাৰ লগতে তেওঁ নিজৰ ছবিত কিশোৰ কুমাৰক লোৱাৰ কথাও এৰি দিয়ে। কিন্তু, যেতিয়া এই আটাইবোৰ কথা কিশোৰ কুমাৰৰ কাণত পৰে তেওঁ দুখ প্ৰকাশ কৰে পৰিচালকগৰাকীৰ সমুখত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform