Rupaliparda.com
থুনুকা সম্পৰ্কঃ হয়টো আকৌ মিলন ঘটিব ইমৰাণ খান-অৱন্তিকাৰ- 1

থুনুকা সম্পৰ্কঃ হয়টো আকৌ মিলন ঘটিব ইমৰাণ খান-অৱন্তিকাৰ-

এটা সম্পৰ্ক ভঙা আৰু তাক পুনৰ সুন্দৰ ৰূপত গঢ়ি তোলা বলীউড চিলেব্ৰেটী সমূহৰ বাবে তেনেই সহজ। আমি প্ৰায়ে এওঁলোকৰ মাজৰ সম্পৰ্কবোৰৰ উঠা-নমা দেখিবলৈ পাওঁ; যেন এক সামান্য কথা। বিগত বহু দিনৰ পৰা অভিনেতা ইমৰান খান আৰু পত্নী অৱন্তিকাৰ বিবাহ বিচ্চেদৰ খবৰ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। পত্নী অৱন্তিকাই প্ৰায়ে চচিয়েল মিডিয়াত কিছু পোষ্ট কৰি তেওঁলোকৰ সম্পৰ্কৰ আভাষ দৰ্শকক দি থকা দেখিবলৈ পোৱা গৈছিল। অৱন্তিকাই নিজ মাতৃগৃহলৈ উভতি যোৱা খবৰৰ পিছতেই ইমৰান খান আৰু তেওঁৰ বিবাহ বিচ্চেদৰ খবৰ শুনিবলৈ পোৱা গৈছিল বিভিন্ন জনৰ মুখত । কিন্তু, অৱন্তিকাৰ বৰ্তমানৰ আন এক চচিয়েল মিডিয়া পোষ্টত আভাষ পোৱা গৈছে যে অৱন্তিকা-ইমৰাণ হয়টো আকৌ এবাৰ কাষ চাপিবলৈ প্ৰয়াস কৰিছে।

থুনুকা সম্পৰ্কঃ হয়টো আকৌ মিলন ঘটিব ইমৰাণ খান-অৱন্তিকাৰ- 2


তেওঁ পোষ্টত কয় যে, “মই নিজৰ প্ৰেমৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। বিদ্বেষ এনে এক ওজন বস্তু যাক ধুবলৈ বৰ কঠিন।” নিজ কন্যা সন্তানৰ সৈতে এখন ফটো আপলোড কৰি পত্নী অৱন্তিকাই কৰা এনে ধৰণৰ পোষ্টৰ দ্বাৰা ইমৰাণ আৰু তেওঁৰ পুনঃমিলনৰ আশংকা কৰিব পৰা যায়। কিন্তু, এয়া সঁচা হয় নে নহয়; সেয়া সময়হে ক’ব।


২০১১ চনত বিবাহ পাশত আৱদ্ধ হোৱা ইমৰান খান ও অৱন্তিকাই ইয়াৰ পূৰ্বতে বহু বছৰলৈ ইজনে আনজনৰ সৈতে প্ৰেমৰ সম্বন্ধ বৰ্তাই ৰাখিছিল। ২০১৪ চনত তেওঁলোকৰ মাজত এক কন্যা সন্তানৰো জন্ম হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform