Rupaliparda.com
দেৱলিনা ভট্টাচাৰ্য্যৰ মানৱীয়তাবোধঃ 1

দেৱলিনা ভট্টাচাৰ্য্যৰ মানৱীয়তাবোধঃ

বলীউডৰ চিলব্ৰেটী সমূহৰ সমান্তৰালকৈ টিভি চিলব্ৰেটীসমূহেও বিভিন্ন সময়ত সহায় কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। বিগ বছ ১৩ ৰ প্ৰতিযোগী দেৱলিনা ভট্টাচাৰ্যই “PM CARES FUND” লৈ অনুদান আগবঢ়োৱাৰ লগতে এই সময়ছোৱাত এমাহৰ বাবে দুটা মজদুৰ পৰিয়ালৰ দায়িত্বও গ্ৰহণ কৰে। এমাহত মজদুৰ পৰিয়াল দুটাৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কাপোৰ আদিৰো যোগান ধৰিব অভিনেত্ৰীগৰাকীয়ে। দেৱলিনাৰ এনে পদক্ষেপক বৰ্তমান প্ৰশংসা কৰাৰ লগতে তেওঁৰ এগৰাকী অনুৰাগীয়ে এক টুইটযোগে এই বাৰ্তা প্ৰেৰণ কৰে।

https://twitter.com/veerakunaparedy/status/1251482074478858241?s=20
দেৱলিনা ভট্টাচাৰ্য্যৰ মানৱীয়তাবোধঃ 2


উল্লেখ্য যে, কিছুদিন পূৰ্বে দেৱলিনাই এগৰাকী গৰ্ভৱতী মহিলাক তেজৰ প্ৰয়োজন হোৱাত তেওঁক যোগান ধৰে। দেৱলিনাৰ এনে মানৱীয়তাবোধক লৈ বৰ্তমান প্ৰত্যেকজন অসমীয়াও উৎসাহিত হৈ পৰিছে; কিয়নো শিৱসাগৰত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰায়ে অসমীয়া কলা-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.