Rupaliparda.com
মাটিত পৰিল বাচনঃ লাইভত হৈ পৰিল অপ্ৰস্তুত প্ৰিয়ংকা চোপ্ৰা- 1

মাটিত পৰিল বাচনঃ লাইভত হৈ পৰিল অপ্ৰস্তুত প্ৰিয়ংকা চোপ্ৰা-

বৰ্তমান বহু চিলেব্ৰেটী ঘৰতে আৱদ্ধ হৈ থকাত চচিয়েল মিডিয়া লাইভৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ বাৰ্তাসমূহ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। লাইভৰ জৰিয়তে প্ৰত্যেক চিলেব্ৰেটীৰ সৈতে অনুৰাগী সকলেও কথা পাতিবলৈ সক্ষম হৈছে। গতিকে, এনেক্ষেত্ৰতে বি-টাউনৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা লাইভ আহি চৰকাৰক অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে। তেওঁক প্ৰায়ে জনসাধাৰণক সজাগ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছিল। আকৌ এবাৰ জনসাধাৰণৰ সহায়ৰ বাবে তেওঁ সাহাৰ্য্য প্ৰদান কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিবলৈ লাইভ আহে; কিন্তু লাইভ হোৱা সময়ছোৱাতে নিজ বাসগৃহত ঘটা এক কাৰ্যই তেওঁক অপ্ৰস্তুত কৰি তোলে। প্ৰিয়ংকা চোপ্ৰাৰ অশান্তি ভাৱ স্পষ্ট ৰূপত ফুটি উঠে তেওঁৰ মুখমণ্ডলত। আছলতে, ইনষ্টাগ্ৰামত লাইভ হোৱা সময়ছোৱাতে তেওঁৰ ঘৰৰ ক’ৰবাত বাচন এটা মাটিত পৰি যায় আৰু সেই শব্দটোৱে অভিনেত্ৰী গৰাকীক বাৰুকৈয়ে অশান্তি কৰে।

https://www.instagram.com/p/B_CJXEml4U_/?utm_source=ig_web_copy_link


প্ৰিয়ংকা চোপ্ৰাৰ লাইভ সময়ছোৱাৰ উক্ত সময়খিনিৰ সৰু ভিডিঅ’ এটা এতিয়া ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী গৰাকীৰ এই ভিডিঅ’টোৱে বহুতক হাঁহিবলৈও অৱকাশো দিছে। লাইভৰ সময়ছোৱাত প্ৰিয়ংকাৰ চোপ্ৰাৰ ভিডিঅ’ৰ পিছপিনে তেওঁৰ স্বামী নিক জোনাসকো দেখিবলৈ পোৱা যায়।

https://www.instagram.com/p/B_GKjwojxb6/?utm_source=ig_web_copy_link


উল্লেখ্য যে, কিছুদিন পূৰ্বে য়ূলিয়াও লাইভ যোগে অনুৰাগীৰ সৈতে কথা পাতি আছিল। তেনেতে, ছলমান খান পিছফালৰ পৰা অহাত য়ূলিয়া অপ্ৰস্তুত হৈ পৰে। তেওঁ ছলমান খানক যাবলৈ কৈ পেলাই নিজৰ মূৰটোকে ধৰি লয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform