Rupaliparda.com
এটা সময়ত শেষ হ'ব "লক-ডাউন" কিন্তু শেষ হ'বনে শিল্পীৰ সংগ্ৰাম?? 1

এটা সময়ত শেষ হ’ব “লক-ডাউন” কিন্তু শেষ হ’বনে শিল্পীৰ সংগ্ৰাম??

প্ৰত্যেকটো বৰ্ষত বহাগৰ এই সমছোৱাত ব্যস্ততাৰে পৰিপূৰ্ণ হৈ থাকে প্ৰত্যেকজন শিল্পী। মঞ্চ সমূহত পৰিৱেশন কৰিবলগীয়া গীতৰ আখৰাকে ধৰি বিভিন্ন ঠাইত অনুষ্ঠিত অনুষ্ঠান সমূহলৈ যোৱা ইত্যাদি প্ৰত্যেকটো ব্যস্তুটেই তেওঁলোকে নিজক ব্যস্ত কৰি ৰাখিবলগীয়া হয় এই সময়খিনিত। কিন্তু, এইবাৰ ব্যতিক্ৰম। “কভিড ১৯” ৰ সন্ত্ৰাসে মাধমাৰ সোধোৱাৰ সমান্তৰালকৈ ই যেন কাঢ়ি নিলে এজন শিল্পী জীৱনৰ সুখ-সন্তোষ। আছলতে, বহাগৰ এই মাহটোৱেই হৈছে শিল্পী সকলৰ বাবে সোণালী সুযোগ ; য’ত তেওঁলোকে নিজক আৰ্থিকভাৱে সৱল কৰি ৰাখি আগন্তুক দিনকেইটাত নিশ্চিন্তমনে চলি যাব পাৰে। এইবাৰ “লক-ডাউন” ৰ ফলত কোনো ধৰণৰ সামাজিক অনুষ্ঠান আয়োজন নকৰা বাবে এতিয়া বিপদত পৰি ৰ’ল একাংশ শিল্পী।

এটা সময়ত শেষ হ'ব "লক-ডাউন" কিন্তু শেষ হ'বনে শিল্পীৰ সংগ্ৰাম?? 2


এনেক্ষেত্ৰতে, এগৰাকী নৱপ্ৰজন্মৰ শিল্পীয়ে ব্যক্ত কৰিলে নিজ মনৰ কথা। কুমাৰেশ কৌশিকে ৰূপালীপৰ্দাৰ জৰিয়তে দৰ্শকলৈ আগবঢ়ালে নিজ মনৰ বাৰ্তা। গীত লিখাৰ লগতে এই শিল্পী গৰাকীয়ে নিজ কম্পজিচন তথা সুৰ দি গীত মুকলি কৰে। জুবিন গাৰ্গ, দীক্ষু শৰ্মা তথা কন্ঠশিল্পী বাবুৰ সৈতেও কুমাৰেশে একেখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিল। উল্লেখ্য যে, কুমাৰেশ কৌশিকৰ বৰ্তমানলৈ সংগীত ক্ষেত্ৰখনত কৰা কৰ্মৰ ভিতৰত ডাঙৰ প্ৰকল্প আছিল “আমাৰ অসম” আৰু “গ্লোৱেল ওৱাৰ্মিং”। দুয়োটা গীতৰ কমচেপ্ট তথা প্ৰযোজনা লগতে কথা আছিল কুমাৰেশ কৌশিকৰ নিজৰ।


কেৱল মাত্ৰ কুমাৰেশ কৌশিকেই নহয়; এনেও বহু শিল্পী আছে যাৰ বাবে হয়টো আগন্তুক সময়খিনি হৈ পৰিব ভীষণ কষ্টকৰ। এটা সময়ত গৈ শেষ হ’ব “লক-ডাউন; কিন্তু শেষ হ’বনে এই শিল্পী সমূহৰ কষ্টৰ?? আপুনি কি ভাৱে? জনাওঁক চোন কমেন্ট কৰি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.