Rupaliparda.com
অসমীয়াই নিদিয়ে নেকি ভাল প্ৰতিভাক সঁহাৰি?? 1

অসমীয়াই নিদিয়ে নেকি ভাল প্ৰতিভাক সঁহাৰি??

চচিয়েল মিডিয়াত নিতৌ চলা একোটা ট্ৰেণ্ডে য’ত একাংশক ব্যতিব্যস্ত কৰি তুলিছিল; তাতেই আকৌ সম্প্ৰতি চলা ইউটিউবাৰ আৰু অভিনেত্ৰীৰ বিষয় লৈ হোৱা ট্ৰোলে চচিয়েল মিডিয়াত নিজৰ ঠাই বিস্তাৰ কৰিছে। প্ৰত্যেকদিনাই একোখন নতুন মিমৰ সৃষ্টিৰ লগতে ইজনে আনজনক কৰা ট্ৰোলে বৰ্তমান পৰিপ্ৰেক্ষিতৰ ভালবোৰ আঁতৰাই পঠিয়াইছে দূৰত। একাংশ ইউটিউবাৰৰ ভিডিঅ’ৰ দপদপনিৰ মাজত ইউটিউবত মুক্তিপ্ৰাপ্ত কিছু উপভোগ্য গীত দৰ্শক ও শ্ৰোতাই গ্ৰহণ কৰিব পৰা নাই। ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰা একোজন শিল্পীয়ে যেতিয়া নিজ মাতৃভূমি লৈ কিছুমান ভাল কাম তথা প্ৰকল্প লৈ আহে সেইসমূহক মহুূৰ্ততে উফৰাই পেলোৱা দেখিবলৈ পোৱা যায়।


কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংগীত পৰিচালক জাগৰণ শইকীয়াই “কভিড ১৯” ক কেন্দ্ৰ কৰি লিখি উলিয়াইছিল “পৃথিৱীৰ অসুখ” শীৰ্ষক এটি গীত; য’ত এতিয়া ভিউৱাৰচৰ সংখ্যা হৈছে মাত্ৰ ৯১৮ টা। আনহাতে, ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত মিনাংক ডেকা; যিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাইম প্ৰদৰ্শনেৰে বিদেশী লোকৰ সমৰ্থন লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেনেক্ষেত্ৰত তেওঁৰ দ্বাৰা সৃষ্ট একোটা পৰিৱেশ কেন্দ্ৰিক ভিডিঅ’ ভাইৰেল নহয় চচিয়েল মিডিয়াত।


আছলতে, দৰ্শকৰ অসহযোগিতাৰ ফলত কেতিয়াবা অসম প্ৰতিভাবোৰে নিজ প্ৰতিভা দেখুৱাম বুলি ভাবিলেও, মাতৃভূমিক লৈ বুলি কিবা এটা কৰিম বুলি থাকিলেও এঠাইত গৈ থমকি যাবলগীয়া হয়। দৰ্শকৰ চচিয়েল মিডিয়া ষ্টেটাচত এতিয়া প্ৰায়ে টিক-টক ভিডিঅ’ই অগগ্ৰতি লাভ কৰিছে; টিক-টক ভিডিঅ’ ৰ সলনি যদি অসম প্ৰতিভাৰ কিছু গঠনমূলক সৃষ্টিৰ বিষয়ে আলোচনা হ’লহেতেঁন তেতিয়াহ’লে অসমে নিশ্চয়কৈ সোঁৱাদ লাভ কৰিলেহেঁতেন কিছু সুন্দৰ সৃষ্টিৰ। এইক্ষেত্ৰত আপোনালোকে কি ভাৱে? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform