চচিয়েল মিডিয়াত হিমাক্ষী কলিতাৰ বিভিন্ন মিম ও ট্ৰোলৰ পিছত এইবাৰ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চুমি বৰাৰ বিভিন্ন ভিডিঅ’ ক্লিপ। দুদিন পূৰ্বে তেওঁ ইউটিউবাৰ এগৰাকীৰ সৈতে ইনষ্টাগ্ৰাম যোগে লাইভ হৈ তেওঁৰ বিষয়ে কিছু কথা ব্যক্ত কৰাৰ লগতে তেওঁ এনে কিছু মন্তব্য প্ৰদান কৰে যিয়ে বৰ্তমান সাংস্কৃতিক মহলত খলকনিৰ সৃষ্টি কৰিছে। চচিয়েল মিডিয়াত মিমৰ সৃষ্টি হোৱা তথা বিভিন্ন জন দৰ্শকে তেওঁক ট্ৰোল কৰাৰ উপৰিও অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী ও কন্ঠশিল্পী ক্ৰমে বৰষা ৰাণী বিষয়া, অমৃতা গগৈ, দীপলিনা ডেকা আদিও চুমি বৰাৰ ব্যক্তিগত মন্তব্যত প্ৰশ্ন উঠাইছে। চুমি বৰাই লাইভ যোগে কয় যে অসমীয়া ছবি ক্ষেত্ৰত এগৰাকী মহিলা কৰিঅ’গ্ৰাফাৰ নাই লগতে তেওঁ কোনো শিল্পীয়ে যাতে কম বয়সতে এই ক্ষেত্ৰখনলৈ আহি টকা নঘটে সেই কথা ব্যক্ত কৰে।


উক্ত দুই মন্তব্যক কেন্দ্ৰ কৰিয়েই এতিয়া সকলোৰে মনত বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো অসমীয়া ছবিৰ জনপ্ৰিয় অভিনত্ৰী নিশিতা গোস্বামীকে, বৰষা ৰাণী বিষয়াই অতি কম বয়সতে ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰাৰ উপৰিও তনভী শৰ্মা, মেঘৰঞ্জনী আদি অভিনেত্ৰী সমূহে দেশ-বিদেশলৈ গৈ নৃত্য কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈ পৰিছিল। লগতে, উক্ত তনভী আৰু মেঘৰঞ্জনীয়ে নিজাববীয়াকৈ নৃত্য প্ৰশিক্ষণো দিছে।


জলী বৰুৱা, অসীম বৈশ্য, উদয় শংকৰ কৰিঅ’গ্ৰাফিৰে বিভিন্ন অসমীয়া দৰ্শকে নৃত্য উপভোগ কৰিছে। তেনেক্ষেত্ৰত, চুমি বৰাই কৰা মন্তব্যত এতিয়া আঙুলি উঠাইছে সকলোৱে।কোৱা বাহুল্য যে, কিছুদিন পূৰ্বে হিমাক্ষী কলিতা নিজৰ ভুল ঢাকিবলৈ “Slip of tongue” বুলি কৈছিল আনহাতে, এইবাৰো চুমি বৰাই নিজৰ পোষ্ট ও ভিডিঅ’ তেওঁৰ অজ্ঞানতাৰ ফলত এনে হোৱা বুলি কয় সকলোৰে ওচৰত ক্ষমা খোজে।


কিন্তু, এতিয়া প্ৰশ্ন হয়; এয়া সঁচাকৈ অজ্ঞানতা নে সস্তীয়া জনপ্ৰিয়তা? বিগত বহু বছৰৰ পৰা এই ক্ষেত্ৰখনত থকা শিল্পী সমূহৰ প্ৰতিভা সমূহ উফৰাই ক্ষন্তেকতে “ইয়াত নাই” বুলি কোৱাটো কিমান গ্ৰহণযোগ্য??
Add comment