Rupaliparda.com
"মুঝসে শাদী কৰোগে" গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে "বিগ বছ"- 1

“মুঝসে শাদী কৰোগে” গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে “বিগ বছ”-

“বিগ-বছ ১৩” ৰ শ্বেহনাজ গিলক আপোনালোকৰ নিশ্চয় মনত আছে। উক্ত ৰিয়েলেটী শ্ব’টোৰ এইবাৰৰ সংস্কৰণটোত আটাইতকৈ বেছি দৰ্শকক আকৰ্ষিত কৰা প্ৰতিযোগী গৰাকীয়ে আছিল শ্বেহনাজ গিল। কিন্তু শ্ব’টোৰ বিজয়ী ৰূপে চিনাকী লাভ নকৰিলে তেওঁ। এনেক্ষেত্ৰত বহুতেই কৈছিল যে তেওঁ হয়টো দ্বিতীয়টো শ্ব’ “মুঝসে শাদী কৰোগে” গ্ৰহণ কৰাৰ ফলত লাভ নকৰিলে “বিজয়ী খিতাপ”। গতিকে এতিয়া নিজ মুখ খুলিছে শ্বেহনাজে; তেওঁ নিজেও অনুভৱ কৰিছে যে হয়টো তেওঁ পিছৰ শ্ব’টো নকৰিলে জিকিব পাৰিলে হেঁতেন বিগ বছ। স্পটবয়ক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে, “মই যেতিয়া “মুঝসে শাদী কৰোগে” ৰ প্ৰথমটো প্ৰমো’ দেখিছিলো মই তেতিয়াই অনুভৱ কৰিছিলো যে দৰ্শকে মোক ভাল পোৱা নাই। এতিয়া মইও ভাবিবলৈ বাধ্য হৈছো যে যদিহে মই সেইটো শ্ব’ গ্ৰহণ নকৰিলো হয় তেতিয়াহ’লে বিগ বছ নিজিকিলেও হয়টো ফাৰ্ষ্ট ৰাণাৰ আপ হ’লোহেঁতেন।”

"মুঝসে শাদী কৰোগে" গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে "বিগ বছ"- 2
"মুঝসে শাদী কৰোগে" গ্ৰহণ কৰি নিৰুপায় শ্বেহনাজঃ নিজিকিলে "বিগ বছ"- 3


ইয়াৰ লগতে তেওঁ কয়, “মোৰ অনুভৱ হয় মই শ্ব’টো কৰো বহুখিনি মানুহক হেৰুৱাই পেলালো; যিয়ে মোৰ বাবে ভটিং কৰিছিল। সেইবাবে হয়টো এই শ্ব’টো মই কৰিব নালাগিছিল।” সমান্তৰালকৈ শেহনাজে আগলৈ যে আৰু কোনো ধৰণৰ কন্ট্ৰেক্ট বুজি নোপোৱালৈ গ্ৰহণ নকৰে তাৰ কথাও স্পষ্ট কৰি দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform