Rupaliparda.com
"নিয়ম নমনাৰ ফলত আৰক্ষীৰ ৰোষত বিকি কৌশল"- ভিত্তিহীন বাতৰিক প্ৰশ্ৰয় নিদিয়াৰ অনুৰোধঃ 1

“নিয়ম নমনাৰ ফলত আৰক্ষীৰ ৰোষত বিকি কৌশল”- ভিত্তিহীন বাতৰিক প্ৰশ্ৰয় নিদিয়াৰ অনুৰোধঃ

ভাৰতত “কভিড ১৯” ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ফলত আকৌ এবাৰ “লক-ডাউন” ৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেককে নিৰ্দ্ধাৰিত নিয়মাৱলী মানিবলৈ কৈছিল যদিও প্ৰায়ে কিছু কিছু ঠাইত জনসাধাৰণে নিয়ম উলংঘা কৰাও দেখিবলৈ পোৱা গৈছিল; যিসকল লোকৰ ওপৰত বৰ্তমান কিছু আইনী প্ৰক্ৰিয়া চলাৰ সম্ভাৱনা আছে। এনেক্ষেত্ৰত কিছুদিন পূৰ্বে এগৰাকী বলীউড অভিনেতাৰ বিৰুদ্ধে অহা এক খবৰে তোলপাৰ লগাইছিল অনুৰাগীৰ মনত। কোৱা হৈছিল যে, বিকি কৌশলে “লক-ডাউন” ৰ নিয়ম উলংঘা কৰাৰ ফলত তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

"নিয়ম নমনাৰ ফলত আৰক্ষীৰ ৰোষত বিকি কৌশল"- ভিত্তিহীন বাতৰিক প্ৰশ্ৰয় নিদিয়াৰ অনুৰোধঃ 2


এনে উৰা -বাতৰিক নস্যাৎ কৰি এতিয়া ইয়াৰ প্ৰতিউত্তৰ দিছে বিকি কৌশলে। তেওঁ এক টুইট যোগে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে; তেওঁ কয় যে, “মই “লক-ডাউন” পালন নকৰিলো আৰু পুলিচে মোক ধৰিলে, এনেবোৰ খবৰ একেবাৰেই আধাৰহীন। মই “লক-ডাউন” আৰম্ভ হোৱাৰে পৰা বাহিৰলৈ এখোজো নাই দিয়া। গতিকে মোৰ অনুৰোধ যে আপোনালোকে এনে ভিত্তিহীন খবৰক প্ৰশ্ৰয় নিদিয়ে।”


উল্লেখ্য যে, বিকি কৌশলে এনে সময়ত অসহায় লোকক সহায় কৰাৰ অৰ্থে ১ কোটি টকাৰ অনুদান আগবঢ়ায় লগতে তেওঁ প্ৰায়ে চচিয়েল মিডিয়া যোগে সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ আহ্বানো জনায়।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform