Rupaliparda.com
অসমীয়া সংগীতত নিজা টুইষ্ট আনি জনপ্ৰিয় ইমণ কল্যাণ ডেকা: 1

অসমীয়া সংগীতত নিজা টুইষ্ট আনি জনপ্ৰিয় ইমণ কল্যাণ ডেকা:

অসমত থকা কোনো প্ৰতিভাই কেতিয়াবা নিজ অজ্ঞানতাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ৰাইজৰ ৰোষত পৰাও দেখিবলৈ পোৱা গৈছে। প্ৰায়ে ভিন ভিন ক্ষেত্ৰত আগবাঢ়ি অহা একাংশ অসমৰ প্ৰতিভাই কোনো ক্ষেত্ৰত থমকি পৰে নাইবা তেওঁলোকে দৰ্শকৰ পৰা পাবলগীয়া সমাদৰৰ পৰাও বঞ্চিত হৈ পৰে। তথাপিও, নিৰবিচ্ছন্ন প্ৰচেষ্টা চলাই থকা দেখিবলৈ পোৱা যায় এওঁলোকক। বিচাৰিলে এনে প্ৰতিভাৰ সন্ধান আছলতে বহু পোৱা যাব। ইয়াৰে ভিতৰত এগৰাকী হৈছে ইমণ কল্যাণ ডেকা (Yaman Kalyan Deka)। সংগীতৰ কেইবাটাও ক্ষেত্ৰত দখল থকা এই গৰাকী যুৱপ্ৰজন্মৰ শিল্পীয়ে নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলত প্ৰায়ে নিজৰ গীত সমূহ আপলোড কৰা দেখিবলৈ পোৱা যায়। বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি নিজৰ অনুৰাগীও কৰি তুলিছে বহু লোকক।

অসমীয়া সংগীতত নিজা টুইষ্ট আনি জনপ্ৰিয় ইমণ কল্যাণ ডেকা: 2
অসমীয়া সংগীতত নিজা টুইষ্ট আনি জনপ্ৰিয় ইমণ কল্যাণ ডেকা: 3


নিজ মাতৃৰ পৰা ক্লাচিকেল গীতৰ জ্ঞান আহৰণ কৰাৰ লগতে ইমণে নিজ পিতৃৰ পৰা তবলাৰ জ্ঞান আয়ত্ব কৰি লৈছিল। পৰিয়ালৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি অহা উক্ত শিল্পী গৰাকীয়ে অসমীয়াৰ সমান্তৰালকৈ ইলেক্টট্ৰনিক ডেন্স মিউজিক ও হিপ হপ গীতৰো জ্ঞান আহৰণ কৰে। হিন্দী ও অসমীয়া গীত সমূহৰ মাজত এক টুইষ্ট প্ৰদান কৰিছে ইমণে । “বিদেশত আপোন মানুহ”, “নক্ষত্ৰ”, “এবেলি মোক”, “মতলীয়া বতাহে” ইত্যাদি গীত সমূহ হৈছে ইয়াৰ এক উদাহৰণ।


চুকে-কোণে থকা এনে প্ৰতিভাই হয়টো এটা সময়ত অধিক পৰিমাণে ভাইৰেল হৈ পৰে; কিন্তু এওঁলোকৰ ভাল কামৰ প্ৰশংসা কৰিবলৈ কম সংখ্যক লোকহে আগবাঢ়ি অহা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform