Rupaliparda.com
একযোঁট হ'ল শিল্পী, নীলোৎপল বৰাৰ "ভাইৰাছ শিকলি" ত- 1

একযোঁট হ’ল শিল্পী, নীলোৎপল বৰাৰ “ভাইৰাছ শিকলি” ত-

জাতি-ধৰ্মক কেন্দ্ৰ কৰি বিগত দিনত চচিয়েল মিডিয়াত চলিছিল বিভিন্ন ভিত্তিহীন আপডেট। এফালে “লক-ডাউনে” ব্যতিব্যস্ত কৰা একাংশ জনসাধাৰণ; আনফালে জাতি-ধৰ্মক লৈ চলা বিভিন্ন বিবাদ। এই আটাইবোৰেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনেবোৰ পৰিৱেশ-পৰিস্থিতিক আগত লৈয়ে কন্ঠশিল্পী নীলোৎপল বৰাই সৃষ্টি কৰিছিল এটি গীত; “ভাইৰাছৰ শিকলি।” নিজ ব্যক্তিগত চেনেলত কিছুদিন পূৰ্বে মুক্তি দিয়া এই গীতটোত তনভীয়ে নিজ নৃত্য প্ৰতিভা প্ৰদৰ্শন কৰি গীতটিক উপভোগ্য কৰি তুলিছিল। কিন্তু, এইবাৰ এই গীতটিত দেখিবলৈ পোৱা গৈছে অসমীয়া শিল্পী জগতৰ একাংশ শিল্পীক।


নিপন গোস্বামী, মলয়া গোস্বামী, নিশিতা গোস্বামীকে আৰম্ভ কৰি প্ৰস্তুতি পৰাশৰ, মুনমী ফুকন, অমৃতা গগৈ, উদয়ন দুৱৰা আদিক দেখিবলৈ পোৱা গৈছে এই গীতটিত। কোৱা বাহুল্য যে, এজন সাধাৰণ লোকে কোৱা এটা কথা আৰু এজন শিল্পীয়ে কোৱা একেটা কথাৰ মাজত শুনোতা জনৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ কৰে শিল্পী জনৰ কথাইহে। গতিকে; মনোৰঞ্জনৰ দ্বাৰা দৰ্শকক যদি কোনো ভাল কথা প্ৰেৰণ কৰিব পৰা যায় তেতিয়াহ’লে আৰু ইয়াতকৈ ভাল উপায় একোৱে নাই। এই প্ৰচেষ্টা হাতত লৈয়ে এক যোঁট হৈ ওলাই আহিছে এতিয়া শিল্পী সকল।

একযোঁট হ'ল শিল্পী, নীলোৎপল বৰাৰ "ভাইৰাছ শিকলি" ত- 2


মানস মহন্তৰ কথাৰে নিৰ্মিত উক্ত গীতটিত সংগীত নিলোৎপল বৰাৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে ডনী হাজৰিকাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.