Rupaliparda.com
যতীন বৰা

নায়ক যতীন বৰাৰ জন্মদিনঃ

অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এক উল্লেখনীয় নাম হৈছে যতীন বৰা। ৮০ দশকৰ পৰা ছবি ও নাটক ক্ষেত্ৰখনত সক্ৰিয় হৈ থকা এই অভিনেতা গৰাকীৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। সৰুৰ পৰা ভাওঁনা, নাটক তথা মইনা পাৰিজাত আদিত অংশগ্ৰহণ কৰা যতীন বৰাই অভিনয়ৰ সমান্তৰালকৈ জ্ঞান লাভ কৰিছিল তবলাটো। যাৰ বাবে তেওঁ লাভ কৰিছিল “বিষাৰদ”। লগতে, তেওঁ সত্ৰীয়া নৃত্যটো পাৰ্গত হৈ পৰিছিল। যতীন বৰাই পোনপ্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল “উত্তৰকাল” ছবিখনত। ইয়াত তেওঁৰ সহঃ অভিনেত্ৰী ৰূপে আছিল মলয়া গোস্বামী। (Source: Wikipedia)

নায়ক যতীন বৰাৰ জন্মদিনঃ 1


উক্ত ছবিখনৰ সফলতাৰ পিছতেই যতীন বৰাই জনসাধাৰণৰ আগত চিনাকী লাভ কৰাৰ উপৰিও তেওঁৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰে। দূৰদৰ্শনৰ কেইবাখনো নাটকত অভিনয় কৰাৰ উপৰিও যতীন বৰাৰ অভিনয়ৰে মুক্তিপ্ৰাপ্ত ভিচিডি সমূহেও লাভ কৰিছিল জনপ্ৰিয়তা।

নায়ক যতীন বৰাৰ জন্মদিনঃ 2


মুনীন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত প্ৰায় ছবিত অভিনীত যতীন বৰাই বাণিজ্যিক ভাৱেও লাভ কৰিছিল সফলতা। হেঙুল, আৱাহন লগতে কহিনুৰ আদি থিয়েটাৰত অভিনীত যতীন বৰাৰ পৰিচালনা ও অভিনয়ৰে নিৰ্মিত বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ”-এ বহু বছৰৰ অন্তত এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ছবিখনে অসমীয়া লোকক পুনৰ এবাৰ ছবি উপভোগ কৰাৰ ক্ষেত্ৰত উৎসাহ ও উদ্গনি জগাইছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.