Rupaliparda.com
ইন্টাৰনেটত অধিক বিচাৰ কৰা হৈছে কণিকা কাপুৰকঃ 1

ইন্টাৰনেটত অধিক বিচাৰ কৰা হৈছে কণিকা কাপুৰকঃ

ৱেব চাৰ্ভিচ প্ৰভাইডাৰ “য়াহু” য়ে বিগত দিনত জনসাধাৰণে ইন্টাৰনেটত কাক অধিক বিচাৰিছে তাৰ বিষয়ে এক গৱেষণা কৰি ওলাইছিল। “লক-ডাউন” ৰ সময়ছোৱাত প্ৰত্যেকজন জনসাধাৰণ বৰ্তমান ঘৰতেই আৱদ্ধ হৈ থাকি কোৱাৰেন্টাইনৰ সময়ছোৱা অতিবাহিত কৰিছে। এনে সময়ত ইন্টাৰনেটত অধিক ৰূপত চাৰ্চ কৰা হৈছে বলীউড কন্ঠশিল্পী কণিকা কাপুৰক। ইয়াৰ পূৰ্বে মনোৰঞ্জন ক্ষেত্ৰখনত অধিক চাৰ্চ কৰা অভিনেত্ৰী গৰাকী আছিল প্ৰিয়ংকা চোপ্ৰা। কিন্তু কণিকাৰ কাপুৰৰ দেহত “কভিড ১৯” ৰ উপস্থিতি পোৱা পিছতেই তেওঁৰ বিষয়ে জনাৰ উৎস্যুকতা দেখিবলৈ পোৱা যায় জনসাধাৰণৰ মাজত।

ইন্টাৰনেটত অধিক বিচাৰ কৰা হৈছে কণিকা কাপুৰকঃ 2
ইন্টাৰনেটত অধিক বিচাৰ কৰা হৈছে কণিকা কাপুৰকঃ 3


ইয়াৰ পিছতেই, ইন্টাৰনেটত অধিক চাৰ্চ কৰা হৈছে ৯০ দশকৰ দূৰদৰ্শনত প্ৰচাৰিত “ৰামায়ণ”। এই পৌৰাণিক শ্ব’টোৰ পুনঃপ্ৰচাৰ হোৱা পিছতে শ্ব’টোক লৈ বিচাৰ আৰম্ভ কৰে জনসাধাৰণে। উল্লেখ্য যে, ৫ টা চাৰ্চ কৰা বিষয়ৰ ভিতৰত অন্তৰ্ভূক্ত হৈ পৰিছে হলীউড ছবি CONTAGION ও।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.