“লক-ডাউন” অথবা “ক’ভিড-১৯” ৰ দৰে মহামাৰীয়ে একাংশ লোকক সংকটময় পৰিস্থিতিলৈ ঠেলি দিছে যদিও বৰ্তমান পৃথিৱীও প্ৰকৃতিয়ে স্বস্তিৰ নিশ্বাস এৰিছে। দৈনন্দিন হিচাপত একোজন ব্যক্তিয়ে দিয়া এই পৃথিৱীখনক কষ্টৰে হয়টো পুনৰাবৃত্তি হৈছে মনুষ্যৰ লগত। প্ৰত্যেক মনুষ্য বৰ্তমান গৃহবন্দী; কিন্তু, আমাৰ হাততো ক’ত ক’ত যুগ ধৰি বন্দী হৈছে এই পৃথিৱী অথবা প্ৰকৃতি। পৃথিৱীৰ নিৰ্মম প্ৰহাৰত স্তদ্ধ জন সমাজ; দম্ভালি মাৰি ওলোৱা-সোমোৱাৰ পৰা এতিয়া বাহিৰলৈ এখোজ দিবলৈও আতংকিত হৈছে জনসাধাৰণ। এনে এক কনচেপ্ট হাতত লৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি “STARVED”।

“লক-ডাউন” ৰ কোনো নিয়ম উলংঘা নকৰি ঘৰৰ ভিতৰতেই আৱদ্ধ হৈ থকা তিনি গৰাকী ৰুমমেটৰ কথোপকথনক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন। কোৱাৰেন্টাইনত মানুহৰ মানসিক স্থিতিৰ এক উপস্থাপন কৰা হৈছে ইয়াত। প্ৰদ্যুত বিকাশ দাস, মনুজ বৰকটকী আৰু কমল লোচনৰ অভিনয়ৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য পৰিচালক গৰাকীৰ নিজৰেই। ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছে অৰিন্দম ডেকা, নিতেশ শাহী, প্ৰত্যুষ বিকাশ দাস আৰু প্ৰণৱ ভৰালীয়ে। ইয়াৰ সম্পাদনাৰ দায়িত্বত আছে উদীপ্ত কুমাৰ ভট্টাচাৰ্য্য আৰু ছবিখনত সংগীত দিছে অৰূপজ্যোতি বৰুৱাই। চাউণ্ড ডিজাইন অংশুমান বৰুৱাৰ লগতে পোষ্টাৰ ডিজাইন অভিজিৎ লস্কৰৰ। উল্লেখ্য যে ছবিখনৰ শ্বুটিং প্ৰত্যেকগৰাকী অভিনেতা ও কলা-কুশলীয়ে ভিন্ন ঠাইৰ পৰা কৰিছে যেনে মনোজ বৰকটকীয়ে মুম্বাইৰ পৰা, কমল লোচনে গুৱাহাটীৰ পৰা, উদ্দীপ্তই নলবাৰী পৰা আনহাতে প্ৰদ্যুতে বকো, প্ৰণৱে টিহুৰ পৰা নিজ শ্বুটিং সম্পন্ন কৰিছে ।

ইতিমধ্যে প্ৰণৱ ভৰালীৰ দ্বাৰা পৰিচালিত I’m Good” শীৰ্ষক চুটি ছবিখনে “Filmeraa International Film Festival” ত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ লগতে “12th International Guwahati Film Festival 2019”, বৰপেটা চুটি ছবি মহোৎসৱতো লাভ কৰিছিল শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা। ইয়াৰ বাহিৰেও বহু কেইখন আন্ত: ৰাষ্ট্ৰীয় ছবি মহোৎসৱত নিৰ্বাচিত হৈ প্ৰদৰ্শিত হয় ।
Add comment