Rupaliparda.com
চাওঁক ফেচবুকঃ আহিব পাৰে উৰ্বশী ৰাতৌলাৰ মেছেজ- 1

চাওঁক ফেচবুকঃ আহিব পাৰে উৰ্বশী ৰাতৌলাৰ মেছেজ-

পুনৰ বাৰ হেক হ’ল উৰ্বশী ৰাতৌলাৰ ব্যক্তিগত ফেচবুক একাউন্ট। তেওঁৰ একাউন্টৰ দ্বাৰা বিভিন্ন জনলৈ আপত্তিজনক মেছেজ দিয়াৰ ফলত বৰ্তমান হতাশগ্ৰস্ত হৈ পৰিছে অভিনেত্ৰী গৰাকী। প্ৰায়ে চচিয়েল মিডিয়াত নিজৰ পোষ্টবোৰৰ বাবে চৰ্চিত হৈ থকা উৰ্বশী ৰাতৌলাৰ এইবাৰৰ বিষয়টো গুৰুত্বপূৰ্ণ। তেওঁ নিজেই টুইট যোগে পোষ্ট কৰি দৰ্শকক কয় যে মোৰ একাউন্টটো হেক কৰা হৈছে আৰু মোৰ একাউন্টৰ পৰা বহু লোকক আপত্তিজনক মেছেজ দিয়া হৈছে। উল্লেখ্য যে, এই সকলোবোৰৰ পিছতেই অভিনেত্ৰী গৰাকীয়ে মুম্বাই পুলিচক খবৰ দিয়ে আৰু আৰক্ষী বিভাগেও তেওঁৰ একাউন্ট অতি সোনকালে ঠিক কৰা হ’ব বুলি আশ্বাস দিয়ে।

https://twitter.com/UrvashiRautela/status/1253747830356766721
https://twitter.com/UrvashiRautela/status/1253747830356766721


ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে অইন এটা টুইট কৰি কয় যে, তেওঁৰ পৰা হেকাৰে অধিক সংখ্যাত টকা খুজিছে। নিশ্চয়কৈ, বিষয়টোৰ ওপৰত মুম্বাই পুলিচে অতি সোনকালেই কোনো ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বেও ২০১৭ চনত অভিনেত্ৰী গৰাকীৰ একাউন্ট হেক কৰা হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.