Rupaliparda.com
"ধড়কন" ছিকুৱেলত থাকিব নেকি অক্ষয়-সুনীলৰ দুই পুত্ৰ?? 1

“ধড়কন” ছিকুৱেলত থাকিব নেকি অক্ষয়-সুনীলৰ দুই পুত্ৰ??

বলীউড অভিনেতা অক্ষয় কুমাৰ আৰু সুনীল ছেট্টী প্ৰায় কেইবাখনো ছবিত একেলগে অভিনয় কৰিছে। ৯০ দশকৰ এই জনপ্ৰিয় যুঁটিটোৱে প্ৰথমে একছন ছবিত একেলগে অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল আৰু ইয়াৰ পিছত তেওঁলোকক দেখিবলৈ পোৱা গৈছিল কমেডী ছবিসমূহত। বিগত বহু দিনৰ পৰা এওঁলোকক একেলগে দেখিবলৈ পোৱা নাই যদিও বৰ্তমান খবৰ আহিছে যে উক্ত দুয়ো অভিনেতাৰ পুত্ৰক এইবাৰ একেলগে দেখিবলৈ পোৱা যাব চিনেমাত। আছলতে, কিছুদিন পূৰ্বে “ধড়কন” ছবিখনৰ চিকুৱেল নিৰ্মাণৰ কথা পোহৰলৈ অহা লগতে তাত অক্ষয় কুমাৰ আৰু সুনীল চেট্টী আকৌ এবাৰ একেলগে কাম কৰিব বুলি কোৱা হৈছিল। কিন্তু এই আটাইবোৰ কথাক উফৰাই সুনীল চেট্টীয়ে দিয়া এক সাক্ষাৎকাৰত কয় যে,

"ধড়কন" ছিকুৱেলত থাকিব নেকি অক্ষয়-সুনীলৰ দুই পুত্ৰ?? 2
"ধড়কন" ছিকুৱেলত থাকিব নেকি অক্ষয়-সুনীলৰ দুই পুত্ৰ?? 3


“মই আৰু অক্ষয় কুমাৰ এতিয়া বুঢ়া হৈছো; এতিয়া যদি আমি স্ক্ৰীণত ৰোমাঞ্চ কৰো তেতিয়াহ’লে দৰ্শকে ইয়াক পচন্দ নকৰিব। কিন্তু, ছবিখনত যদি আমাৰ দুই পুত্ৰই অভিনয় কৰে তেতিয়াহ’লে বেলেগ কথা; শিল্পা ছেট্টীৰ পুত্ৰ ছবিখনত কাম কৰিবলৈ বাৰু এতিয়াও সৰুৱে হৈ আছে।” উল্লেখ্য যে, ছবিখনৰ কাষ্টিঙৰ কাম চলি থকা হৈছিল যদিও ইয়াক ক’ৰ’ণাৰ ফলত স্থগিত কৰা হৈছে। এতিয়া ইয়াত আহান আৰু আৰৱে অভিনয় কৰিব নে নাই সেয়া হ’ব লক্ষণীয়। ২০২১ চনৰ পৰাই হয়টো আৰম্ভ হ’ব “ধড়কন” ছিকুৱেল ছবিৰ কাম।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.