সপোন আঁকিবলৈ এচপৰা সাৰুৱা মাটিৰ প্ৰয়োজন হয়। খোলা চকুৰ সপোনক বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে। কেতিয়াবা দিগভ্ৰষ্ট হয় হাৰ মানি লয় একাংশই; আন একাংশই কঠোৰ কষ্ট, সংগ্ৰামৰ মাজেৰে আগবাঢ়ে আহিবলগীয়া সময়লৈ। অভ্যাসেই কোনো এটা বস্তুত পাৰ্গত হ’বলৈ সহায় কৰে; মহাভাৰতৰ একলব্যৰ দিনৰ পৰা বৰ্তমানলৈ আমি এনে উদাহৰণ পাই আহিছো। কোনো এটা বস্তুত থকা ইচ্ছা আৰু সঘনাই কৰি থকা অভ্যাসে সফল হোৱাত সহায় কৰে ব্যক্তিক। অভ্যাস আচলতে সকলোতেই প্ৰয়োজন; গান গাওঁতে, নৃত্য কৰোতে অথবা কোনো এখন ছবিত অভিনয় কৰিবলৈ। কেতিয়াবা প্ৰশ্ন উঠে; প্ৰশিক্ষণ নোলোৱাকৈ কেনেদৰে কোনো এটা বস্তুত আগবাঢ়িব পৰা যায়??

ইয়াৰ উত্তৰ হয়টো বহুতৰ বাবেই ভিন্ন হ’ব। কিন্তু; এটা কথা নিশ্চিত যে একোগৰাকী দৃঢ় প্ৰতিজ্ঞ ব্যক্তিৰ যেতিয়া শিকাৰ ইচ্ছা হয় তেতিয়া প্ৰত্যেকটো সৰু-বৰ লোকৰ পৰা কিছু কিছু শিকি আৰু দৈনন্দিন অভ্যাসৰ দ্বাৰা তেওঁ নিজৰ গন্তব্যস্থানলৈ যোৱাৰ দীঘলীয়া বাটটোত এখোজ-দুখোজকৈ আগবাঢ়ে। এনেক্ষেত্ৰত, বৰ্তমান প্ৰজন্মৰ উদীয়মান পৰিচালক ৰূপে চিনাকী লাভ কৰা প্ৰাঞ্জল গৈয়াৰীৰ নাম উল্লেখ কৰিব পৰা যায়।


প্ৰাঞ্জল গৈয়াৰীয়ে শেহতীয়াকৈ সমাপ্ত কৰিছে NK Production বেনাৰত নিৰ্মিত “Slam Book” শীৰ্ষক ছবিখনৰ পৰিচালনাৰ কাম। এন.কে প্ৰডাকচন বেনাৰত নিৰ্মিত “জানমণি” ৰ মুক্তিৰ কিছুদিন পিছতেই মুক্তি লাভ কৰিব হয়টো তেওঁলোকৰ আন এখন ছবি “Slam Book”। ইয়াৰ উপৰিও তেওঁ কেইবাখনো চুটি ছবিৰ পৰিচালনাৰ সৈতে জড়িত হোৱাৰ লগতে বলীউডৰ ছবিত সহকাৰী পৰিচালক ৰূপেও কাম কৰিছে। অসমৰেই এইগৰাকী যুৱকে আগন্তুক সময়ত নিজৰ পৰিকল্পনাৰে পৰিচালনাৰ নতুন নতুন দিশ উদ্ভাৱন কৰাত ব্যস্ত হৈ আছে। “One Take Video” কিছুমান প্ৰস্তুতিৰে তেওঁ নিজ পৰিচালনাক পূৰ্বতকৈ সৃষ্টিশীল কৰি তোলাত বৰ্তমান মনোনিৱেশ কৰিছে।

অসমীয়া উঠি অহা ছবিক্ষেত্ৰখনত এনে কিছু নিষ্ঠাৱান শিল্পীৰ সংযোজনে আহিবলগীয়া সময়ত সহায় কৰিব এই ক্ষেত্ৰখনক।
Add comment