অমিতাভ বচ্চন প্ৰায়ে চচিয়েল মিডিয়াত কৰা তেওঁৰ পোষ্ট সমূহৰ বাবে চৰ্চা লাভ কৰে। কেতিয়াবা তেওঁৰ পোষ্ট সমূহত থকা ভুল তথ্যৰ বাবে তেওঁক জনসাধাৰণে উপলুঙা কৰাও দেখিবলৈ পোৱা যায় যদিও তেওঁ প্ৰায়ে পোষ্ট সমূহৰ জৰিয়তে নিজৰ কোনো কোনো কথা দৰ্শকৰ আগত খুলা-খুলি ব্যক্ত কৰা দেখিবলৈ পোৱা যায়। এইবাৰ এক পোষ্ট যোগে তেওঁ সমগ্ৰ জনসাধাৰণক যাঁচে জন্মদিনৰ শুভকামনা। বিগ বিয়ে শুভকামনা জনোৱাৰ লগতে এটা অংকৰ সমীকৰণো দেখুৱাই যিটো দেখি বৰ্তমান আচম্বিত হৈ পৰিছে দৰ্শক সকলো।

১০০০ বছৰ পিছত এনে সময় অহা বুলি উল্লেখ কৰাৰ লগতে অমিতাভে টুইটোত দেখুওৱা সমীকৰণটো হৈছে এনেধৰণৰ- “আপোনাৰ বয়স+ আপোনাৰ জন্মবৰ্ষ, প্ৰত্যেকজন ব্যক্তি= ২০২০।” অৰ্থাৎ অমিতাভ বচ্চনৰ মতে যদিহে নিজৰ বয়সৰ সৈতে জন্ম বছৰটো যোগ কৰা হয় তেতিয়াহ’লে প্ৰত্যেকৰে বয়স ওলাব ২০২০। এই সমীকৰণটোক লৈ অভিনেতা গৰাকীৰ পোষ্টটো ভাইৰেল কৰিছে এতিয়া বিভিন্নজনে।
Add comment