Rupaliparda.com
একোখন ফটোৰে নহয়; কৰক পূজা মাতৃক আলিংগনেৰেঃ চাওঁক "মনন"- 1

একোখন ফটোৰে নহয়; কৰক পূজা মাতৃক আলিংগনেৰেঃ চাওঁক “মনন”-

সমাগত মাতৃ দিৱস। পৃথিৱীৰ বুকুলৈ লয় অনা এগৰাকী নাৰীয়ে বুকুত হাজাৰ বেদনা কঢ়িয়াই নুফুৰিলেও সন্তানৰ কাষ চাপিলেই তেওঁ বেদনা পাহৰি উৎসাহেৰে ভৰি পৰে। জন্মদাতা গৰাকীক সন্মান ও মৰম যঁচা নিৰ্দ্দিষ্ট এটা দিন নাই যদিও উক্ত দিনটোত প্ৰত্যেকগৰাকী মাতৃক বিশেষ অনুভৱ কৰোৱাবলৈ চেষ্টা কৰে একাংশই। তথাকথিত চচিয়েল মিডিয়াত একোটা পোষ্ট দি মাতৃলৈ মৰম তথা আদৰ যঁচা হয় যদিও সেয়া সঁচা অৰ্থত ফুটুকাৰ ফেনত পৰিগণিত হয়। মাতৃ এগৰাকী সদায় সকলোতকৈ উৰ্দ্ধত; কোনো ধৰণৰ অসুবিধাৰ বাবে তেওঁক নিজৰ পৰা আঁতৰ কৰিব পৰা নাযায়। উল্লেখ্য যে, “মাতৃ দিৱস” ক উদ্দেশ্যি বিভিন্ন জনে বিভিন্ন প্ৰয়াস কৰা দেখিবলৈ পোৱা যায়। সেইবাবেই সম্প্ৰতি চলি থকা “চুটি ছবি” ৰ উজানৰ পৰাই আমি আপোনালোকলৈ লৈ আনিছো আন এখন চাৰি বছৰ পুৰণি চুটি ছবি। মুম্বাইত প্ৰতিষ্ঠিত অসমৰে এগৰাকী উদীয়মান শিল্পীয়ে মাতৃ দিৱসক উদ্দেশ্যি নিৰ্মাণ কৰি উলিয়াইছিল এখন চুটি ছবি “মনন”।


মাতৃয়ে বহন কৰা বেদনা, কষ্ট তথা তেওঁৰ কোনো এটা বস্তুত থকা নিয়ন্ত্ৰণ শক্তি সদায় অকল্পনীয়। তেওঁৰ ঠাইত থিয় হ’লেও হয়টো সেই অনুভৱ কৰিবলৈ অপৰাগ হ’ব তেওঁৰে সন্তান; এনে এক ভাৱধাৰাকে সকলোৰে মাজত শ্বেয়াৰ কৰিবলৈ নিৰ্মাণ কৰা হৈছিল “মনন”। কেইবাখনো চুটি ছবি, অসমীয়া ছবিত অভিনীত অভিনেতা মনোজ বৰকটকীয়ে পৰিচালনা কৰা “মনন” য়ে লাভ কৰিছিল দৰ্শকৰ বহুল সঁহাৰি। হিন্দী ভাষাত নিৰ্মিত এই চুটি ছবিখনৰ দৈৰ্ঘ্য আছিল ৩ মিনিট ৩০ চেকেণ্ড। “জ্যোতি চিনে চুটি ছবি সমাৰোহ ২০১৭” ত উক্ত চুটি ছবিখনে বিভিন্ন শিতানত মুঠ চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয়। সেইকেইটা হৈছে ক্ৰমে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সম্পাদনা লগতে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ। ইয়াৰ উপৰিও, দাদা চাহেব ফাল্কে চুটি ছবি সমাৰোহ তথা ব্ৰহ্মপুত্ৰ ভেলী চুটি ছবি সমাৰোহত মনোনয়ন লাভ কৰা “মননে” আন কেইবাখনো চুটি ছবি সমাৰোহত প্ৰদৰ্শনীৰ বাবে মনোনয়নৰ সুবিধা লাভ কৰিছিল।

একোখন ফটোৰে নহয়; কৰক পূজা মাতৃক আলিংগনেৰেঃ চাওঁক "মনন"- 2
একোখন ফটোৰে নহয়; কৰক পূজা মাতৃক আলিংগনেৰেঃ চাওঁক "মনন"- 3


অধিক সংলাপ প্ৰয়োগ নকৰাকৈ ছবিখনত মুখৰ ভংগিমাৰে দৰ্শকক অন্তঃনিৰ্হিত অনুভৱ বোৰ বুজাবলৈ চেষ্টা কৰা হৈছে। তিনি মিনিট দৈৰ্ঘ্যতেই এগৰাকী মাতৃৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাক হৃদয়ংগম কৰোৱাবলৈ প্ৰচেষ্টা চলাইছে পৰিচালকে। প্ৰেমা ছিৰখাণ্ডে আৰু গিৰিশ পাৰদেশীয়ে মূল চৰিত্ৰত অভিনয় কৰা উক্ত চুটি ছবিখনৰ কনচেপ্টৰ মূলতে আছিল নেভিল জেমছ ধেনুগাৰ, কাহিনী তথা চিত্ৰনাট্য আছিল মনোজ বৰকটকী আৰু অমিত টংগাৰৰ। “দা গল্ডেন টেলেন্টচ একাডেমী” ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল নেভিল জেমছ ধেনুগাৰে য়ে। জয়ন্থ মাধাৱনৰ চিনেমেটোগ্ৰাফীৰে ইয়াৰ সম্পাদনা আছিল প্ৰদীপ পলৰ। শব্দ সংমিশ্ৰণ মানস প্ৰতীম গোস্বামীৰ আৰু বেকগ্ৰাউণ্ড স্কৰ শাম চেত্ৰীৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform