Rupaliparda.com
জুবিন গাৰ্গ আহি আছেঃ সুকলমে উভতিবলৈ প্ৰাৰ্থনা একাংশৰ- 1

জুবিন গাৰ্গ আহি আছেঃ সুকলমে উভতিবলৈ প্ৰাৰ্থনা একাংশৰ-

অসমলৈ ৰাওঁনা হৈছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। ইতিমধ্যে এখন বাছত পত্নী গৰিমা শইকীয়া গাৰ্গ তথা দুই সতীৰ্থ ক্ৰমে পাৰ্থ প্ৰতিম গোস্বামী, সিদ্ধাৰ্থ শৰ্মাৰ সৈতে উভতি আহি আছে জুবিন গাৰ্গ। শিল্পী গৰাকী উভতি অহাক লৈ উৎসাহৰ সৃষ্টি হৈছে সকলোৰে মাজত। বিগত বহু দিনৰ পৰা অনুৰাগীয়ে তেওঁলৈ মনত পেলাই বিভিন্ন মিম শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমানেও তেওঁ সুকলমে উভতি অহাৰ প্ৰাৰ্থনা জনাইছে এতিয়া সকলোৱে।

জুবিন গাৰ্গ আহি আছেঃ সুকলমে উভতিবলৈ প্ৰাৰ্থনা একাংশৰ- 2

উল্লেখ্য যে, জুবিন গাৰ্গ অসমবাসীৰ পৰা দূৰত থাকিলেও তেওঁ নিজ অনুৰাগীক সাহস দিবলৈ প্ৰায়ে একোটা পোষ্ট অথবা ভিডিঅ’ ৰ যোগেৰে সকলোৰে কাষ চাপিছিল। কিছুদিন পূৰ্বেও তেওঁ অসমলৈ ঘূৰি অহাৰ কথা নিজ ফেচবুক পেজ যোগেই জানিবলৈ দিছিল। একো নকৰাকৈ ঘৰত সোমাই থাকিলেও জনসাধাৰণে চৰকাৰক কিমান সহায় কৰিছে এই বিষয়ে উল্লেখ কৰি তেওঁ পোষ্টটো দিয়ে। কালি পুৱা ৭ বজাত মুম্বাইৰ আন্ধেৰিৰ পৰা জুবিন গাৰ্গ অহা বাছখনে যাত্ৰা আৰম্ভ কৰিছে গুৱাহাটী অভিমুখে।

জুবিন গাৰ্গ আহি আছেঃ সুকলমে উভতিবলৈ প্ৰাৰ্থনা একাংশৰ- 3


কিছুদিন জিৰণি আৰু আগন্তুক প্ৰকল্পত মনোনিবেশ কৰিবলৈ জুবিন গাৰ্গ গৈছিল মুম্বাইস্থিত নিজ বাসগৃহলৈ। উল্লেখ্য যে, বিগত বছৰত মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ ছবি “কাঞ্চনজংঘা” ই অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক অসমীয়া ছবি চাবলৈ উৎসাহ যোগাইছিল। ইয়াৰ উপৰিও, তেওঁৰ চলিত বৰ্ষত আহিবলগীয়া বিভিন্ন প্ৰকল্পৰ বিষয়েও তেওঁ সংবাদ মাধ্যমযোগে ইতিমধ্যে দৰ্শকক জনাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.