আজি মাতৃ দিৱস। মাতৃক শুভকামনা অথবা ধন্যবাদ জনাবলৈ নিৰ্দ্দিষ্ট এটা দিন নাথাকে যদিও আজিৰ দিনটোত প্ৰায় সকলোৱে নিজ নিজ জন্মদাতা আইক ধন্যবাদ জ্ঞাপন কৰে। ধৰণী খন আচলতে ইমান ধুনীয়া নহ’লহেঁতেন যদিহে ইয়াত মাতৃ নাথাকিলহেঁতেন; ঘৰখন “ঘৰ” হ’বলৈ সদায় একোগৰাকী মাতৃৰ আঁচল খনৰ প্ৰয়োজন। সাধাৰণ জনৰ লগতেই আজি তাৰকা সকলেও নিজ নিজ মাতৃলৈ নিজা ধৰণে যাঁচিছে শুভকামনা। কোনোবাই আপলোড কৰিছে পূৰণা আৰু আনহাতে কোনোৱে মাতৃক সাৱতি ধৰি দিছে ফটো। আজিৰ দিনটোত প্ৰত্যেকগৰাকী মাতৃক বিশেষ অনুভৱ কৰোৱাবলৈ এই প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। চাওঁচোন আহক চিলেব্ৰেটীসকলৰ এই পোষ্টবোৰঃ

Add comment