Rupaliparda.com
জাগৰণ শইকীয়াৰ অন্যতম প্ৰচেষ্টা "জোনৰ কথা"- 1

জাগৰণ শইকীয়াৰ অন্যতম প্ৰচেষ্টা “জোনৰ কথা”-

কোৱাৰেন্টাইনৰ সদ্ ব্যৱহাৰ কৰি নিজৰ একোটিকৈ সৃষ্টিক ৰাইজৰ মাজলৈ আগবঢ়াইছে মুম্বাইস্থিত অসম সন্তান লগতে সংগীত পৰিচালক জাগৰণ শইকীয়াই। বিগত দিনত মুক্তিপ্ৰাপ্ত “পৃথিৱীৰ অসুখ” তথা “এজাৰ” ৰ পিছত এইবাৰ জাগৰণে শ্ৰোতাৰ মাজলৈ আগবঢ়াইছে আন এটি গীত “জোনৰ কথা”।

এগৰাকী নাৱৰীয়াৰ নাওঁ চলাই আগবঢ়া জীৱন যাত্ৰাৰ সমষ্ট অন্ধকাৰ সামৰি আগবঢ়া জোনবাইটোৰ কথাৰেই নিৰ্মাণ কৰি উলিওৱা হৈছে “জোনৰ কথা” শীৰ্ষক এই গীতটি। ২০০৮ চনত মুম্বাইলৈ ধাৱমান হোৱা জাগৰণ শইকীয়াই কিছুদিন পূৰ্বে ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত জনাইছিল যে তেওঁ বৰ্তমানেও এই বিশাল ক্ষেত্ৰখনত অৱস্থিত এটি নগন্য ঠাইৰ গৰাকী। তেওঁৰ শিকিবলগীয়া অধিক আছে বুলি জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে।

জাগৰণ শইকীয়াৰ অন্যতম প্ৰচেষ্টা "জোনৰ কথা"- 2


হিন্দীকে ধৰি ৰাজস্থানী, পঞ্জাৱী, মৈথেলী আদি ভাষাত নিৰ্মিত গীত সমূহৰ সৈতেও জড়িত হৈ আছে জাগৰণ শইকীয়া। বহু শিল্পীয়ে এই সময়ছোৱাত কৰা মনপচন্দৰ কাম বোৰৰ সমান্তৰালকৈ জাগৰণ শইকীয়াইও কৰিছে নিজ মাতৃভূমিৰ বাবে বিভিন্নটা কাম। “জোনৰ কথা” শীৰ্ষক গীতটি লিখিছে অসমৰে আন গৰাকী শিল্পী সমীৰণ মলয়। গীত গোৱাৰ লগতে পৰিচালনা কৰিছে জাগৰণ শইকীয়াই নিজেই । শব্দ সংমিশ্ৰণ কৰা হৈছে মুম্বাইস্থিত ষ্টুডিঅ’ Greenvibes ত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform