Rupaliparda.com
এতিয়াৰে পৰা চিনেমাত নাথাকিব পাৰে আলিংগন-চুম্বন! 1

এতিয়াৰে পৰা চিনেমাত নাথাকিব পাৰে আলিংগন-চুম্বন!

হলীউড ৰিপোৰ্টনুসৰি, ক’ৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি হলীউড ছবিত সলনি হ’ব ছবিত কৰা ৰোমাঞ্চৰ দৃশ্য। নাথাকিব পাৰে হয়টো কোনো আলিংগন তথা চুম্বন। আছলতে, হলীউড বুলিয়ে নহয় দেশৰ বিভিন্ন খন ছবি ক্ষেত্ৰত এতিয়া এনে চিন্তা প্ৰকাশ কৰিছে বিভিন্ন জনে। ক’ৰ’ণা ভাইৰাছৰ পিছত যদি শ্বুটিং তথা ছবিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হয়; এনেক্ষেত্ৰত ৰোমাঞ্চৰ দৃশ্যৰ হয়টো সাল-সলনি ঘটিব পাৰে ছবি সমূহত।

এতিয়াৰে পৰা চিনেমাত নাথাকিব পাৰে আলিংগন-চুম্বন! 2

এই বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে নিৰ্দেশক কুশান নন্দীৰ সৈতে পতা কথা বতৰাত তেওঁ কয় যে, সমাজত যি ঘটি থাকে আমিও ছবিসমূহত তাকেই দেখুৱাবলৈ চেষ্টা কৰো। ক’ভিড ১৯ ৰ পিছত যদি প্ৰেম নিবেদনৰ মাধ্যম সলনি হয় তেতিয়াহ’লে আমিও তাক তেনেদৰেই দেখুৱাম।”

এতিয়াৰে পৰা চিনেমাত নাথাকিব পাৰে আলিংগন-চুম্বন! 3


“সামাজিক দূৰত্ব” ই শ্বুট কৰা সময়ত ব্যাধি হ’ব পাৰে নেকি প্ৰশ্ন কৰাত নিৰ্দেশক গৰাকীয়ে উত্তৰ দিয়ে যে, “সম্প্ৰতি পৰিৱেশ আঁতৰাৰ পিছত সকলোবোৰতেই এক পাৰ্থক্য দেখিবলৈ পোৱা যাব। এক স্তৰলৈ কাহিনীবোৰ নিজেই সলনি হ’ব লগতে ছবিক্ষেত্ৰত “কম্প্ৰোমাইজ” দেখিবলৈ পোৱা যাব।” উল্লেখ্য যে, হলীউড অভিনেতা-অভিনেত্ৰীয়ে ক’ভিড ১৯ শেষ হোৱা পিছত ছবি এখনৰ বাবে কৰিবলগীয়া ৰোমাঞ্চৰ ক্ষেত্ৰত চিন্তা প্ৰকাশ কৰিছে। শ্বুটিং আৰম্ভ হ’লে শ্বুটিং কৰিবলৈ যোৱা প্ৰত্যেকজন লোকৰে এতিয়াৰ পৰা তাত কৰা হ’ব “ক’ৰ’ণা টেষ্ট।” কিছু কিছু প্ৰডাকচন হাউচে হয়টো আঁতৰাব পাৰে ৰোমাঞ্চৰ বহু দৃশ্য।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.