Rupaliparda.com
ইৰফান খানৰ পুত্ৰ বাবিলকো ছবিত চোৱাৰ ইচ্ছা একাংশৰঃ 1

ইৰফান খানৰ পুত্ৰ বাবিলকো ছবিত চোৱাৰ ইচ্ছা একাংশৰঃ

বলীউড চিলেব্ৰেটী ইৰফান খানৰ মৃত্যুৰ পিছত সমগ্ৰ বিশ্বৰ চিনেমা ক্ষেত্ৰতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। চিনেমা বিশেষজ্ঞ সকলে কোৱা অনুসৰি ইৰফান খান বহু সংঘৰ্ষৰ অন্তত ছবি জগতৰ এনে এটা সময়ত উপস্থিত হৈছিল য’ত তেওঁ সুন্দৰ অভিনয়ৰ দ্বাৰা দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছত এই আটাইবোৰতেই বিৰাম লাগে। ইৰফান খানৰ দেহাৱসানৰ পিছত তেওঁৰ পুত্ৰ বাবিল খানৰ চৰ্চা শুনিবলৈ পোৱা গৈছে এতিয়া কেওঁদিশে। তেওঁৰ ইনষ্টাগ্ৰাম ফল’ৱাৰচৰ সংখ্যা বিগত কিছুদিনত সাংঘাতিককৈ বাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।

আচলতে, ইয়াৰ অইন এটা কাৰণ হৈছে যে বাবিল খানে প্ৰায়ে নিজ পিতৃ সম্বন্ধিত পোষ্ট সমূহ কৰি আছে। বলীউডৰ ছবিক লৈ আকৰ্ষিত বাবিলে লণ্ডনত ছবি নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও বাবিলে পিতৃ ইৰফান খানৰ ছবি “কৰীব কৰীব চিংগল” ত কেমেৰা টীমৰ সৈতেও জড়িত আছিল।

ইৰফান খানৰ পুত্ৰ বাবিলকো ছবিত চোৱাৰ ইচ্ছা একাংশৰঃ 2


বাবিলৰ বাহিৰেও আমিৰ খানৰ জীয়ৰী ইৰাও অভিনয়ক এৰি ছবি এখন পৰিচালনা কৰাতহে বেছি আকৰ্ষিত। উল্লেখ্য যে, দৰ্শক সকলে বৰ্তমান ইৰফান খানৰ পুত্ৰক লৈ এক আশা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বাবিলো অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে এতিয়া একাংশই; যাতে ইয়াৰ দ্বাৰা পিতৃৰ খালী ঠাইবোৰ পূৰ কৰিব পৰা যায়। বৰ্তমানলৈ এনে কোনো সংকেট দিয়া নাই কিন্তু বাবিলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.