Rupaliparda.com
আলিয়াৰ মাতৃ সোণী ৰাজদানে কৰিলে প্ৰধানমন্ত্ৰীক প্ৰশ্নঃ 1

আলিয়াৰ মাতৃ সোণী ৰাজদানে কৰিলে প্ৰধানমন্ত্ৰীক প্ৰশ্নঃ

দেশৰ সমগ্ৰ জনসাধাৰণক আতংকিত কৰা এই “ক’ভিড ১৯” য়ে এতিয়া আকৌ এক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। দেশত বৰ্দ্ধিত “লক-ডাউনে” প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে মজদুৰ সকলৰ বাবে। এক- এক টকাৰ বাবে তেওঁলোক হাবাথুৰি খোৱাৰ উপক্ৰম আহি পৰিছে। এনেক্ষেত্ৰত, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “লক-ডাউন” উদ্দেশ্যি প্ৰশ্ন কৰে আলিয়াৰ ভাটৰ মাতৃ লগতে সোণী ৰাজদানে। এক টুইট যোগে প্ৰশ্নৰ উত্থাপন কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, “আপুনি কোনো যোজনা নোহোৱাকৈ এক ডাঙৰ অংকৰ জনসাধাৰণক এনেদৰে “লক-ডাউন” ৰ দ্বাৰা বন্দী কৰিব নোৱাৰে। যিয়ে আৰ্জিব পৰা নাই, যিয়ে খাব পোৱা নাই, তেওঁলোকৰ বিষয় লৈ যোজনাৰ প্ৰয়োজন। কিন্তু আছেনে এনে কোনো যোজনা??”


তৃতীয়বাৰলৈ দেশত বৃদ্ধি পোৱা লক-ডাউনে হতাশগ্ৰস্ত কৰি তুলিছে একাংশক। কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে লগ হৈ বহু মজদুৰক নিজ নিজ বাসগৃহলৈ পঠিয়াইছে যদিও এনে কিছু মজদুৰো আছে যিয়ে খোজ কাঢ়িয়ে দীঘলীয়া বাট অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বেও ফাৰাহ আলি খানে “PM CARES FUND” ক লৈ প্ৰশ্ন কৰিছিল।

আলিয়াৰ মাতৃ সোণী ৰাজদানে কৰিলে প্ৰধানমন্ত্ৰীক প্ৰশ্নঃ 2


তেওঁ কৈছিল যে যদিহে ফাণ্ডলৈ সকলোৱে টকাৰ অনুদান দিছে গতিকে এই টকাবোৰ গৈ ক’ত আছে? কিয় এই টকাৰে কৰা হোৱা জীৱিকা নোহোৱা সকলৰ বাবে কিছু কাম?

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform