মুক্তি পালে বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়াত খলকনি লগোৱা আচুৰ্য্য বৰপাত্ৰৰ এটি গীত। “পাৰা যদি হোৱানা মোৰ” শীৰ্ষক এই গীতটিৰ মুক্তি পালে লিৰিকেল ভিডিঅ”। আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ কেৱল মাত্ৰ এটা অংশকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছিল শ্ৰোতাক।
“লক-ডাউন” ৰ সময়ছোৱাত শ্ৰোতাক কিছু সময়ৰ মনোৰঞ্জন দিবলৈ মুক্তি কৰি দিয়া হ’ল আচুৰ্য্য বৰপাত্ৰৰ এই গীতটি। গীত সমূহৰ জনপ্ৰিয়তাৰ সমান্তৰালৈ আচুৰ্য্য বৰপাত্ৰই প্ৰয়োজনৰ সময়ত জনসাধাৰণৰ কাষ চপাও দেখিবলৈ পোৱা গৈছিল। “অসম আৰোগ্য নিধি” লৈ কন্ঠশিল্পী গৰাকীয়ে আগবঢ়াইছিল মুঠ ৩০ হাজাৰ টকাৰ অনুদান।

উল্লেখ্য যে, আচুৰ্য্য বৰপাত্ৰৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটিত সংগীত ধ্ৰুৱ ঠাকুৰীয়াৰ লগতে ইয়াৰ কথা আৰু পৰিচালনা হৈছে মৃত্যুঞ্জয় কাকতিৰ। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। গীতটি মুক্তি লাভ কৰাৰ পিছতেই ইয়াত ভিউৱাৰচৰ সংখ্যা প্ৰতিটো মিনিটত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ৰঙালী বিহুৰ সময়ছোৱাত আন কেইবাগৰাকীও সংগীত শিল্পীৰ লগতে আচুৰ্য্যকো দেখিবলৈ পোৱা গৈছিল লাইভ অনুষ্ঠানত। লাইভৰ দ্বাৰাই উপভোগ কৰিছিল অনুৰাগীয়ে তেওঁৰ গীত সমূহ।
Add comment