নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহৰ মাজত দীপলিনা ডেকাক লৈ একাংশ দৰ্শকৰ বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা যায়। তেওঁৰ প্ৰত্যেকটো কৰ্মৰাজিক এফালৰ পৰা সঁহাৰি জনাই চচিয়েল মিডিয়াত শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা যায় জনসাধাৰণক। দৰ্শকৰ হৃদয়ত বাস কৰা এই গৰাকী কন্ঠশিল্পীয়ে প্ৰায়ে বিহুৰ সময়ছোৱাত বিভিন্ন চচিয়েল মিডিয়া পেজযোগে লাইভ হৈ অনুৰাগীৰ কাষ চাপিছিল। বিহু মঞ্চত নহ’লেও লাইভতেই তেওঁৰ গীত সমূহ উপভোগৰ সুবিধা অৰ্জন কৰিছিল অনুৰাগী সকলে। পুনৰ বাৰ দৰ্শকৰ মনোৰঞ্জনৰ বাবে কাষ চাপিছে কন্ঠশিল্পী ও অভিনেত্ৰী দীপলিনা ডেকা।
হিন্দী জনপ্ৰিয় কন্ঠশিল্পী আশা ভোষলেৰ এটি গজলত কন্ঠদান কৰিছে এইবাৰ দীপলিনাই। “চলোনা চা সাজন হে” শীৰ্ষক গজলতটোত কন্ঠদান কৰাৰ পিছতেই তেওঁক অনুৰাগীয়ে প্ৰশংসা কৰাৰ লগতে একাংশই তেওঁক আহিবলগীয়া সময়ত অনুৰাগী সকলৰ বাবে কৰিব পৰা কামৰ বিষয়েও বুজাবলৈ চেষ্টা কৰে।

বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত দীপলিনাৰ গীত সমূহে এক বিশেষ স্থান গ্ৰহণ কৰা দেখিবলৈ পোৱা অনুৰাগীৰ হৃদয়ত। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ “মধুলগন” শীৰ্ষক গীতটিয়ে এতিয়াও দৰ্শকক আপ্লুত কৰি ৰাখিছে। গীতটিত দীপলিনাৰ সৈতে কন্ঠদান কৰাৰ উপৰিও অভিনয় কৰিছিল প্ৰিয়াংকুশ বৰুৱাই।
Add comment