Rupaliparda.com
বৰ্ণালী কলিতাৰ কমেডী টিক-টক ভিডিঅ'- আন শিল্পীয়েও কৰিলে কমেন্টঃ 1

বৰ্ণালী কলিতাৰ কমেডী টিক-টক ভিডিঅ’- আন শিল্পীয়েও কৰিলে কমেন্টঃ

টিক-টকৰ বিতৰ্ক বহু পূৰণা; ইয়াৰ বিৰুদ্ধে একাংশই মাত মাতিলেও কিন্তু ইয়াৰ জনপ্ৰিয়তা বৰ্তমানেও অব্যাহত আছে। বহু চিলেব্ৰেটীয়ে টিক-টকৰ দ্বাৰা বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰি দৰ্শকক আকৰ্ষণ কৰিছে। ইয়াৰ উপৰিও, লক-ডাউনৰ এনে সময়খিনিত বহুতেই টিক-টকৰ জৰিয়তেই আজৰি সময় কটোৱা দেখিবলৈ পোৱা গৈছে। বলীউড বুলিয়ে নহয় টিক-টকৰ জৰিয়তে বিভিন্ন ভিডিঅ’ প্ৰস্তুত কৰে অসমীয়া শিল্পী সকলেও। কোনো এজন কন্ঠশিল্পীৰ গীত মুক্তিৰ পূৰ্বেই তেওঁৰ মুক্তি পাবলগীয়া গীতটি ট্ৰেণ্ডিং হ’বলৈ লয় উক্ত এপটোত। বৰ্তমান টিক-টকত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী বৰ্ণালী কলিতাকো। কন্ঠৰ দ্বাৰা অনুৰাগীৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা বৰ্ণালী কলিতাই প্ৰায়ে একোটা কমেডি ভিডিঅ’ শ্বেয়াৰ কৰে।

বৰ্ণালী কলিতাৰ কমেডী টিক-টক ভিডিঅ'- আন শিল্পীয়েও কৰিলে কমেন্টঃ 2


কন্ঠশিল্পী গৰাকী পোষ্ট সমূহত আন একাংশ অভিনেতা-অভিনেত্ৰীয়েও কমেন্ট কৰি প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। বিহুৰ সময়ছোৱাত কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত পেজৰ পৰা লাইভ আহি তেওঁ নিজ কন্ঠৰে বিহুগীতৰ সোঁৱাদ দিয়ে দৰ্শকক। শেহতীয়াকৈ মুক্তি প্ৰাপ্ত বৰ্ণালী কলিতাৰ “দৰিকা দিচাং” য়ে বৰ্তমানেও জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। উক্ত গীতটিৰ ভিডিঅ’ ত বৰ্ণালীৰ সৈতে আন কেইবাগৰাকীও অভিনেত্ৰীয়ে অভিনয় কৰিছিল।


কেইবাটাও ভিন্ন ভাষাত কন্ঠদান কৰা বৰ্ণালীৰ কন্ঠৰে কিছুদিন মুক্তিপ্ৰাপ্ত “সাজন” শীৰ্ষক হিন্দী ৰোমান্টিক গীতটোয়ে ক্ষন্তেকতে লাভ কৰিছিল লাখ লাখ ভিউৱাৰচ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.