Rupaliparda.com
"শিল্পীয়ে শিল্পীৰ বাবে" অনুষ্ঠানৰ পৰা ১,৪১,১০০ টকাৰ অনুদানঃ 1

“শিল্পীয়ে শিল্পীৰ বাবে” অনুষ্ঠানৰ পৰা ১,৪১,১০০ টকাৰ অনুদানঃ

বিগত এপ্ৰিল মাহৰ ২১ তাৰিখৰ পৰা ১ মে’ লৈ T Series Stage Works Academy Guwahati (An Academy of Films, Television & Performing Arts) য়ে আয়োজন কৰিছিল এক অনলাইন মনোৰঞ্জনধৰ্মী অনুষ্ঠান “শিল্পীয়ে শিল্পীৰ বাবে।” আৰ্থিকভাৱে পিছপৰি ৰোৱা একাংশ শিল্পীক সহায়ৰ বাবে আয়োজন কৰা হৈছিল এনে অনুষ্ঠানৰ। অসমৰ বিভিন্ন শিল্পী, কলা-কুশলীয়ে বিভিন্ন ধৰণে নিজ প্ৰতিভা প্ৰদৰ্শনেৰে লাইভ আহি মনোৰঞ্জন কৰোৱাইছিল দৰ্শকৰ আৰু ইয়াৰ দ্বাৰা টকা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছিল। উল্লেখ্য যে, অভিনেতা অভিনেত্ৰী তথা কন্ঠশিল্পী সমূহৰ এনে প্ৰচেষ্টাৰ পিছত তেওঁলোকে FFA, NEFVTA, GCMA কে ধৰি মুঠ ৫৮ গৰাকী আৰ্থিকভাৱে পিছপৰা বাদ্যযন্ত্ৰীক সহায় কৰে। এওঁলোকলৈ ১ লাখ, ৪১ হাজাৰ, ১ শ টকাৰ অনুদান আগবঢ়ায় উক্ত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা।

View this post on Instagram

সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা Covid 19 এ সৃষ্টি কৰা ত্ৰাসৰ মাজতো t Series Stage Works Academy (an Educational initiative of T Series ) এ অসমৰ মনোৰঞ্জন জগতত নেপথ্যত যেনে (কলাকুশলী/ নৃত্যশিল্পী/ বাদ্যযন্ত্ৰী শিল্পী/ ৰূপসজ্জা শিল্পী) ইত্যাদি লোকবোৰে নিজৰ কৰ্ম প্ৰতিভাৰে পৰিয়ালক লৈ দেখা সপোন বোৰ মৰহি নাযাবলৈ cheque যোগে ক্ৰমান্নয়ে FFA, NEFVTA, GCMA, তথা ৫৮ গৰাকী অৰ্থ সংকটত ভুগি থকা বাদ্যযন্ত্ৰী শিল্পীক সৰ্বমুঠ 1,41,100/- টকাৰ আৰ্থিক অনুদান আগবঢ়াই। এই চেগতে বৰ্তমানৰ জনপ্ৰিয় সামাজিক মাধ্যম "ইনষ্টাগ্ৰাম" ৰ জৰিয়তে যোৱা ২১ এপ্ৰিল ২০২০ ৰ পৰা ৩ মে' ২০২০ লৈ হৈ যোৱা আনুষ্ঠান ত সহযোগিতা আগবঢ়োৱা প্ৰত্যেক গৰাকী ব্যক্তিলৈ T Series Stage Works Academy ৰ CEO শুভদ্বীপ ৰাহল এ জনাইছে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। T Series Stage Works ৰ এই পদক্ষেপ ত আৰ্থিক ভাৱে সহায় আগবঢ়োৱা সন্মানীয় ব্যক্তি তথা প্ৰতিষ্ঠান বোৰ ক্ৰমে Dream House Production and T Series Stage Works Academy Guwahati* Rs- 1,00,000/-* *ভূপেন উজীৰ* 11,000/- *যতীন বৰা*. 10,000/- *বৰষা ৰাণী বিষয়া* 10,000/- *ভৃগু কাশ্যপ* – 10101/- অনুষ্ঠান টিত সংবাদ মাধ্যমৰ উপৰিও উপস্থিত থাকে ডঃ হিতেশ বৰুৱা,জেষ্ট কেমেৰা নিৰ্দেশক চিবানন বৰুৱা, পৰিচালক মানস বৰুৱা, সংগীত শিল্পী জয়ন্ত কাকতি কিশোৰ মেনা, আৰু জনপ্রিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। অনাগত দিববোৰত T Series Stage Works Academy গুৱাহাটী এ অসম বাসীৰ মৰম আৰু সহযোগিতা কামনা কৰিছে। @tseriesstageworksg @neeta5422

A post shared by Vreeguu Kaxyap (@vreeguu_kaxyap) on


এই অনুদান আগবঢ়াবলৈ সহযোগিতা কৰা একাংশ শিল্পী তথা প্ৰতিষ্ঠানসমূহ হৈছে ক্ৰমে Dream House Production and T Series Stage Works Academy Guwahati (১,০০,০০০ টকা) ,ভূপেন উজীৰ (১১,০০০ টকা), যতীন বৰা (১০,০০০), বৰষা ৰাণী বিষয়া (১০,০০০) আৰু ভৃগু কাশ্যপ (১০,১০১) টকা। উক্ত লাইভ অনুষ্ঠানটোৰ ঘোষক ৰূপত আছিল কন্ঠশিল্পী ভৃগু কাশ্যপ।

"শিল্পীয়ে শিল্পীৰ বাবে" অনুষ্ঠানৰ পৰা ১,৪১,১০০ টকাৰ অনুদানঃ 2


নীল আকাশ, প্ৰস্তুতি পৰাশৰ, জুবিন গাৰ্গকে ধৰি যতীন বৰা, ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, ৰিম্পী দাস, সুবাসনা দাস, কল্পনা কলিতা, অনন্যা কাশ্যপ, মন্টু মণি শইকীয়া,তনভী শৰ্মা, গীতালী, প্ৰীতি কংকনা, আচুৰ্য্য বৰপাত্ৰ, ৰূপাংকৃতা,অলংকৃতা, দীপলিনা ডেকা, ৰাকেশ ৰিয়ান তথা প্ৰিয়ম পল্লৱী আদি জনপ্ৰিয় শিল্পী সমূহে অংশগ্ৰহণ কৰিব এই লাইভ অনুষ্ঠানত। শিল্পীয়ে শিল্পীৰ বাবে থিয় হোৱা এনে প্ৰচেষ্টা আছিল সঁচাকৈ প্ৰশংসনীয়। “

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform