বলীউড অভিনেত্ৰী জেৰিন খানৰ সংঘৰ্ষৰ বিষয়ে প্ৰায়ে শুনিবলৈ পোৱা যায়। পিতৃৰ মৃত্যুৰ পিছত অভিনেত্ৰী গৰাকীয়ে নিজ ঘৰখনক পোহ-পাল দিবলৈ “কল চেন্টাৰ” ত কাম কৰিছিল। তেওঁৰ এনেবোৰ সংঘৰ্ষৰ সৈতে জড়িত আছিল তেওঁৰ নিজ ওজন কমোৱাৰ এক বিষয়ো; যাৰ বাবে প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “মোৰ এয়াৰলাইনত চাকৰি কৰা মন আছিল বাবেই মই মোৰ ১০০ কিলো ওজনৰ পৰা ৫২ কিলো ওজন কমাই দিছিলো। মানে, মই মোৰ দেহৰ পৰা সম্পূৰ্ণ এজন মানুহ ওলাই দিছিলো।” এতিয়া আপোনালোকে নিজেই উপলদ্ধি কৰক জেৰিনে নিজৰ দেহক বলীউড ক্ষেত্ৰৰ সৈতে খাপ খোৱাবলৈ কিমান কষ্ট কৰিছে।

অভিনেত্ৰী গৰাকীক ওজন কমোৱাত সহায় কৰিছিল য়াছমিন কৰাছিৱালাই । তেওঁৰ ছবি “বীৰ” ৰ পিছত তেওঁক বহুতেই ওজনৰ বাবে সমালোচনা কৰিছিল যদিও আটাইবোৰৰে প্ৰত্যুত্তৰ দিছিল জেৰিনে। বি-টাউনৰ এই জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে তেওঁৰ পূৰণি ফটো আপলোড কৰি দৰ্শকক আকৰ্ষণ কৰে। শকত অৱস্থাৰ পৰা বৰ্তমান সময়লৈ অহা জেৰিনৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।







Add comment