Rupaliparda.com
নীল আকাশ ও সুবাসনা দত্তৰ যুঁটীয়া কন্ঠৰে "মৰম বাঢ়ে"- 1

নীল আকাশ ও সুবাসনা দত্তৰ যুঁটীয়া কন্ঠৰে “মৰম বাঢ়ে”-

বহু অপেক্ষাৰ অন্তত অৱেশষত মুক্তি লাভ কৰিলে সুবাসনা দত্ত তথা নীল আকাশৰ গীত “মৰম বাঢ়ে”। বহু দিনৰ পৰাই উক্ত গীতটিক লৈ অপেক্ষাৰত হৈ আছিল তেওঁলোকৰ বহু অনুৰাগী। আচলতে, অসমীয়া সংগীত ক্ষেত্ৰখনত এনে বহু শিল্পী আছে যাৰ কন্ঠই সকলোকেই আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কাৰোবাৰ অকলশৰীয়া তথা কাৰোবাৰ যুঁটীয়া কন্ঠত মোহৰ লাগি গীতসমূহ কেতিয়াবা হৈ পৰে অধিক জনপ্ৰিয়। সম্প্ৰতি এক জনপ্ৰিয় যুঁটিৰ কন্ঠৰে মুক্তি লাভ কৰিলে এটি গীত “মৰম বাঢ়ে”। নীল আকাশ আৰু সুবাসনা দত্তৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত উক্ত গীতটিয়ে কিছু সময়ৰ ভিতৰতেই লাভ কৰিলে জনপ্ৰিয়তা। গীতটিত কথা পল্লৱ গগৈৰ আৰু ইয়াত সুৰ আৰু সংগীত দীপকেশ বৰগোঁহাইৰ। গীতটিত অভিনয় কৰিছে ধ্ৰুৱ কাশ্যপ, হিমাক্ষী কলিতা, দীপজ্যোতি বিভাকৰ গগৈ আৰু তৃষ্ণা ডেকাই।

নীল আকাশ ও সুবাসনা দত্তৰ যুঁটীয়া কন্ঠৰে "মৰম বাঢ়ে"- 2


গীতটিত অভিনীত হিমাক্ষী কলিতাই বহু দিনৰ পৰাই গীতটিৰ শ্বুটিং সময়ছোৱাৰ বিভিন্ন ফটো ও ভিডিঅ’ আপলোড কৰিছিল চচিয়েল মিডিয়াত। কিছুদিন পূৰ্বে সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰী গৰাকী। আনহাতে, নীল আকাশে একক কন্ঠৰে “লক-ডাউন” সময়ছোৱাতে মুক্তি দিয়া আন এটি “অ’ আকাশ” গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে অনুৰাগীৰ সঁহাৰি। ইয়াৰ উপৰিও, বিহুৰ সময়খিনিত কন্ঠশিল্পী সুবাসনাই নিজৰ চচিয়েল মিডিয়া পেজ যোগে ভিডিঅ’ আপলোড কৰি বিভিন্ন উৎসাহমূলক বাৰ্তা প্ৰেৰণ কৰিছিল দৰ্শকলৈ। ২৪ ঘণ্টা হ’বলৈ নৌপাওঁতেই গীতটিত ভিউৱাৰচ সংখ্যা চুইছেগৈ প্ৰায় ৩১ হাজাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.