Rupaliparda.com
এইবেলি "ব'হাগ" ৰ ন-ৰূপঃ 1

এইবেলি “ব’হাগ” ৰ ন-ৰূপঃ

এইবাৰ ব’হাগ মাহে এলাগী কৰিলে অসমীয়াক। এইবাৰ ব’হাগত নাছিল কোনো উলহ-মালহ ও দৈ-চিৰাৰ গোন্ধ। কুলি-কেতেকী মাতেও এইবাৰ আনিব পৰা নাছিল জনসাধাৰণৰ মনলৈ প্ৰশান্তি। এইবাৰ বহাগে এলাগী কৰা শিল্পী সমূহে বিহু মঞ্চ নহ’লেও নিজাববীয়াকৈ পাতিছিল বিহুৰ লাইভ অনুষ্ঠান আৰু এনেদৰেই এওঁলোক কাষ চাপিছিল নিজ নিজ অনুৰাগীৰ। নাচনীৰ গা সাত-আঠখন কৰা নাছিল অথবা ঢুলীয়াও দিয়া নাছিল এইবাৰ ঢোলত চেওঁ। মুগাৰ সাজ যোৰৰ বিপৰীতে মুখত লগাব লগীয়া হৈছিল এখন বাধ্যতামূলক মাস্ক। এই আটাইবোৰ কথাকেই কেন্দ্ৰ কৰি নিৰ্মাণ কৰা “ব’হাগ” গীতটিয়ে বৰ্তমান আকৰ্ষিত কৰিছে দৰ্শকক। বিগত বহু সময়ৰ পৰা যুৱ প্ৰজন্মৰ একো একোটা সৃষ্টিয়ে জনসাধাৰণৰ মনোৰঞ্জনৰ বাট মোকলাবলৈ সক্ষম হৈছে; তেনে ক্ষেত্ৰত সম্প্ৰতি মুক্তি লাভ কৰা ” ব’হাগে” সমাদৰ লাভ কৰিছে দৰ্শকৰ।


ক’ভিড ১৯ য়ে জনসাধাৰণক আতংকিত কৰিলেও অসমীয়া সংস্কৃতিয়ে যে হাৰ মানানে এইকেইদিনত সেই কথা সুন্দৰ ৰূপত উপস্থাপন কৰিছে অসমৰ কেইগৰাকীমান উদীয়মান শিল্পী, কলা-কুশলীয়ে। সদ্যমুক্তিপ্ৰাপ্ত “বহাগ” গীতটিত কথা, পৰিচালনা তথা দৃশ্যগ্ৰহণ হৈছে শৰৎ গগৈৰ। লগতে, গীতটিত কন্ঠদান কৰিছে পল্লৱ তালুকদাৰে আৰু গীতটিত সংগীত ইমণ কল্যাণ ডেকাৰ। আনহাতে, গীতটিত সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ আৰু ইয়াত অভিনয় কৰিছে সৌমৰ জ্যোতি বৰা আৰু চুইটি গগৈয়ে।

এইবেলি "ব'হাগ" ৰ ন-ৰূপঃ 2
এইবেলি "ব'হাগ" ৰ ন-ৰূপঃ 3


নৱপ্ৰজন্মৰ সৃষ্টিত থকা নতুনত্ব আৰু ব্যতিক্ৰমী সোঁৱাদে সদায়ে দৰ্শক ও শ্ৰোতাক উৎসাহিত কৰে। সেইবাবেই হয়টো গীতটি মুক্তি পোৱা পিছতেই ই লাভ কৰিছে জনসাধাৰণৰ বহুল সঁহাৰি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform