Rupaliparda.com
"লক-ডাউন" ৰ অন্যতম সৃষ্টি আইচেংফা বৰুৱাৰ "ফাঁকি"- 1

“লক-ডাউন” ৰ অন্যতম সৃষ্টি আইচেংফা বৰুৱাৰ “ফাঁকি”-

ছোৱালী এজনী জন্ম পোৱা পিছতেই মাতৃ-পিতৃৰ মনলৈ অহা এক চিন্তা হৈছে যে তাইক এদিনলৈ হ’লেও তেওঁলোকৰ আঁচলৰ পৰা আঁতৰাই পঠিওৱা হ’ব। আচলতে, কালক্ৰমত তেনে এক পৰ্য্যায় পাইগৈ য’ত এজনী ছোৱালীয়ে আপোন বুলি ভাবি থকা ঘৰখনক এৰি আন এখন ঘৰলৈ নিজক প্ৰতিটো সময়ত চিনাকী দিবলৈ আগবাঢ়ি যাবলগীয়া হয়। নিজৰ ইচ্ছা- অনিচ্ছা বোৰক আন এখন ঘৰৰ সদস্যসকলৰ ৰুচিৰ লগত সানমিহলি কৰোতে কৰোতে নিজৰ সপোনবোৰত কেতিয়া ঘূণে খায় ক’ব পৰা নাযায়। স্বামীয়ে শোৱা পাটি এৰাৰ লগে লগে তেওঁৰ সমুখত চাহ কাপৰ সৈতে প্ৰস্তুত হোৱাৰ পৰা আৰম্ভ কৰি ডাইনিং টেবুলত অইনৰ তেল-মছলাৰ সোঁৱাদলৈ সকলোবোৰ মনত ৰাখি খাদ্য প্ৰস্তুত কৰালৈ হেঁৰাই থাকে এগৰাকী নাৰীৰ ইচ্ছা-অনিচ্ছাৰ সৰুকৈ সঁজা পঁজাটো; যাৰ বাবে তাই একালত মনোমালিন্যৰ সৃষ্টি কৰিছিল নিজ মাতৃ অথবা পিতৃ নহ’লে ভাতৃৰ সৈতে। সময়ৰ সোঁতত উটি গৈ গৈ তাইও আকোঁৱালি লয় তাইৰ জীৱনত ঘটা সলনি বোৰক। এনে এক কাহিনীকেই সৰল ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে এখন চুটি ছবি জৰিয়তে।


অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ও কন্ঠশিল্পী আইচেংফা বৰুৱাৰ সামগ্ৰিক পৰিকল্পনা ও পৰিচালনাৰে নিৰ্মিত চুটি ছবি “ফাঁকি” ত উপস্থাপন কৰা হৈছে এগৰাকী বিবাহিত নাৰীৰ মনস্তাত্বিক খেলিমেলিক। এগৰাকী নাৰীয়ে গঢ় দিয়া নিজ সংসাৰ খনৰ সুখ-সন্তোষৰ স্বাৰ্থত অথবা নিজে বান্ধি ৰখা সম্পৰ্কৰ ঠুনুকা বান্ধোনটোত কোনো আউল নলগাবলৈ কেতিয়াবা হেৰুৱাবলগীয়া হয় নিজ সত্ত্বাক। যদিওবা তেওঁ হেৰাই দিয়ে নিজৰ মাজতেই থকা মানুহজনীক; তথাপিও নিজৰ স্বামী আৰু সন্তানৰ মুখত হাঁহি অঁকাৰ অহৰহ প্ৰয়াস কৰে তেওঁ; এই সমগ্ৰ কথাখিনিতেই সোমাই থাকে এগৰাকী নাৰীয়ে নিজৰ বাবে নিজক দিয়া “ফাঁকি” সমূহ। “লক-ডাউন” সময়ছোৱাৰ অন্যতম সৃষ্টি “ফাঁকি” য়ে বৰ্তমান আপ্লুতও কৰিছে দৰ্শকক। প্ৰণয় বৈশ্যৰ গল্পৰ আধাৰত নিৰ্মিত উক্ত চুটি ছবিখনত আইচেংফা বৰুৱাৰ অভিনয়ে কাহিনীভাগক প্ৰদান কৰিছে জীৱন। নেপথ্যত কাহিনীভাগৰ খণ্ড খণ্ড বিশ্লেষণ দাঙি ধৰা পাপলু চেতিয়াই দৰ্শকক “ফাঁকি” ক হৃদয়ংগম কৰাৰ সুবিধা দিছে।

"লক-ডাউন" ৰ অন্যতম সৃষ্টি আইচেংফা বৰুৱাৰ "ফাঁকি"- 2


মোবাইলত শ্বুট কৰাৰ ফলত দৃশ্য সমূহত কিছু খুঁট ৰৈছে যদিও ছবিখনৰ কাহিনীভাগে ইয়াক ঢাকি থ’বলৈ সক্ষম হৈছে। ছবিখনত থকা আন ভিন্ন চৰিত্ৰ সমূহ হৈছে মনোজ বৰকটকী, ঝুনাকংকন ভূঞা আৰু প্ৰাচুৰ্য্য লহকৰ। ছবিখনৰ সম্পাদনা আৰু গ্ৰাফিক্স উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ লগতে সংগীত সুমন ভৰদ্বাজৰ। দৃশ্যগ্ৰহণ চিন্তু সিংহৰ। চুটি ছবিখন পোষ্টাৰ ডিজাইন জোনাক যুগান্তৰ বৰাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform