“ক’ৰ’ণা ভাইৰাছে” দেশৰ কেইবাটাও ক্ষেত্ৰত বহু প্ৰভাৱ পেলাইছে। দেশত বৰ্তি থকা দুমহীয়া “লক-ডাউন” ৰ বৰ্তমান কিছু কিছু ক্ষেত্ৰত শিথিল কৰা হৈছে যদিও ই এতিয়াও এক চিন্তাৰ বিষয় হৈ আছে। “লক-ডাউনে” দেশৰ অৰ্থব্যৱস্থাত গুৰুত্বৰ প্ৰভাৱ পেলোৱা লগতে মজদুৰ শ্ৰেণীৰ লোকেও “লক-ডাউন” ৰ ফলত বহুল সমস্যাৰ সন্মুখীন হৈছে। কিন্তু,এই আটাইবোৰ বেয়াৰ মাজত হোৱা এটা ভাল কথা হৈছে যে, “লক-ডাউন” ৰ বাবে বাটে-পথে কমি অহা কম জনসংখ্যাৰ ফলত প্ৰকৃতিৰ ওপৰত পৰিছে ধনাত্মক প্ৰভাৱ। প্ৰদূষণ নোহোৱাৰ ফলতেই প্ৰকৃতিয়ে সুস্থিৰতাৰে উশাহ ল’বলৈ সক্ষম হৈছে। এনেক্ষেত্ৰতে, বহু জনসাধাৰণে “লক-ডাউন” শেষ হোৱা পিছতো এনেদৰে প্ৰদূষণ সৃষ্টি নকৰাৰ উপৰিও আন জনসাধাৰণকো পৰিৱেশ প্ৰদূষণ নকৰাৰ আহ্বান জনায়। বৰ্তমান এই আহ্বানত সহযোগ কৰিছে অভিনেতা ৰণদীপ হুড্ডাই।

ৰণদীপ হুড্ডাই এখন ফটোৰ লগতে টুইট কৰি কয় যে, ” যদিহে সমগ্ৰ বিশ্বই ডিচপজেবল মাস্ক পৰিধান কৰে তেনেহ’লে সাগৰ কিমান প্ৰদূষণ হ’ব? ব’লক আনি “Reusable” মাস্ক পৰিধান কৰো; তেনেহ’লে ক’ৰ’ণা শেষ হোৱাটো আমি প্ৰকৃতিক ধ্বংসৰ পৰা বচাব পাৰিম। মোক এই মাস্ক খন দিছে মোৰ বিল্ডিঙৰ প্ৰেসিডেন্টে। মই এই মাস্কখন লগাই দৌৰিবও পাৰো। লোকেলৰ বাবে ভোকেল। আত্মনিৰ্ভৰ হওঁক।” ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে অসমৰ দিহিং পাটকাই বৰষাৰণ্যত হ’বলগীয়া কয়লা খননৰ বিৰুদ্ধে মাত মাতিছিল।
Add comment