Rupaliparda.com
"আশা কৰো আমি পুনৰ এবাৰ সুন্দৰ সূৰ্যোদয় দেখিবলৈ পাম"- নিশিতা গোস্বামী 1

“আশা কৰো আমি পুনৰ এবাৰ সুন্দৰ সূৰ্যোদয় দেখিবলৈ পাম”- নিশিতা গোস্বামী

দেশত বৃদ্ধি হৈ অহা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যাই এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰি তুলিছে। প্ৰত্যেকটো মূহুূৰ্তত ৰাইজে সকলো নীতি-নিয়ম পালন কৰি নিজ কৰ্ম ৰূপায়ন কৰিছে। এনে সময়ত, সকলো সামাজিক কাৰ্যকলাপ বন্ধ থকাৰ ফলত আটাইতকৈ বেছি ঋণাত্মক প্ৰভাৱ পৰিছে চিত্ৰগৃহ সমূহত। হলীউড/ বলীউডক এৰি অসমীয়া প্ৰায় কেইবাখনো ছবিৰ মুক্তিত বাধাৰ সৃষ্টি হৈছে; বলীউড ছবিসমূহে ইয়াৰ মুক্তিৰ বিকল্প বাঁচি লৈছে যদিও বৰ্তমানেও অসমীয়া ছবিৰ মুক্তিত প্ৰশ্নৰ উত্থাপন হৈছে। এনে বিষয়তে এক পোষ্ট কৰি দৰ্শকক ধনাত্মক হৈ থকাৰ আহ্বান জনায় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। অভিনেত্ৰী গৰাকীক প্ৰায়ে ইনষ্টাগ্ৰামত একটিভ হৈ থকা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ ছবি “ৰত্নাকৰে” সৃষ্টি কৰিছিল অসমীয়া ছবি ক্ষেত্ৰত নতুনত্বৰ ঢৌ। কেইবাবছৰো অসমীয়া অভিনয় ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নিশিতাই এটি পোষ্ট যোগে কয় যে,


” ইয়াৰ পৰা আমাৰ (শিল্পীৰ) যাত্ৰা আৰম্ভ হয়… চিনেমা হ’ল… কিন্তু দুঃখিত; কাৰণ এই আটাইবোৰ এতিয়া সলনি হৈ পৰিছে। আশা কৰো; আমি আকৌ এবাৰ সুন্দৰ সূৰ্যোদয় দেখিবলৈ পাম। Stay Positive।” নিশিতা গোস্বামীৰ উক্ত পোষ্টটোত অনুৰাগীৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে অভিনয়ৰ প্ৰতি মন মেলা একাংশ ছাত্ৰ-ছাত্ৰীক অভিনয়ৰ শিক্ষা দিবলৈ নিশিতা গোস্বামীয়ে আৰম্ভ কৰিছিল “বেদম” নামে এক অভিনয়ৰ প্ৰতিষ্ঠান।

"আশা কৰো আমি পুনৰ এবাৰ সুন্দৰ সূৰ্যোদয় দেখিবলৈ পাম"- নিশিতা গোস্বামী 2


বহুকেইজন প্ৰতিষ্ঠিত পৰিচালক, অভিনেতা আৰু অভিনয় প্ৰশিক্ষকৰ লগতে অভিনেত্ৰী গৰাকীৰ মাতৃ মলয়া গোস্বামীয়ে নিজেই এই প্ৰতিষ্ঠান খনত ছাত্ৰ-ছাত্ৰী সকলক অভিনয়ৰ শিক্ষা প্ৰদান কৰিব। গুৱাহাটীস্থিত বেলতলাত আৰম্ভ হ’বলীয়া এই প্ৰতিষ্ঠানখনত টেলিভিছনকে আদি থিয়েটাৰত কৰা অভিনয়ৰো প্ৰশিক্ষণ দিয়া হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.